
শিৱসাগৰ, ০৩নৱেম্বৰ (হি.স.)। কলালোৰ কোচ ৰাস মঞ্চত ৪৪ তম শ্ৰী শ্ৰী কৃষ্ণৰ মহা ৰাসলীলা মহোৎসৱ আয়োজন। দৈৱকীৰ ৰূপত লতাশিল বিহু সম্ৰাজ্ঞী লিজামনি শেনছোৱা আৰু কংসৰ চৰিত্ৰ ত অংকুৰ শইকীয়াৰ অংশগ্ৰহণ ।ৰাজ্যৰ চৌদিশে এতিয়া ৰাসৰ আয়োজন। শৰতৰ স্নিগ্ধ জোনাকত শ্ৰী শ্ৰী কৃষ্ণৰ মহা ৰাসলীলা চাবলৈ সকলোৱে ব্যাকূল হৈ আছে।
ডিমৌৰ কাষৰীয়া কলালোৰ কোচ ৰাসমঞ্চতো চলিছে মহাৰাসৰ পূৰ্ণ আয়োজন। ৪৪ তম বৰ্ষত উপনীত এই বাৰৰ মহা ৰাসলীলাত দৈৱকী আৰু ৰাধাৰ চৰিত্ৰত অভিনয় কৰিছে লতাশিল বিহু সম্ৰাজ্ঞী লিজামনি শেনছোৱাই। ইফালে কংসৰ চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট শিল্পী অংকুৰ শইকীয়াই।বিগত কেইবা বছৰ জুৰি আয়োজন কৰি অহা ডিমৌৰ কাষৰীয়া কলালোৰ কোচ ৰাসমঞ্চত আয়োজিত ৰাসলীলা মহোৎসৱলৈ ৰাইজে বিপুল সহাৰি জনায় আহিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা