
কামৰূপ, ০৩ নৱেম্বৰ (হি.স.)। সমাগত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । ৰাজ্যৰ চৌদিশে চলিছে ৰাস মহোৎসৱৰ প্ৰস্তুুতি । বাইহাটা চাৰিআলিৰ সমীপবৰ্তী বিহদিয়া-জাজীকোনা ৰাস মহোৎসৱৰো চলিছে পূৰ্ণ প্ৰস্তুতি ।
এইবেলি ১৯ সংখ্যক বৰ্ষত ভৰি দিয়া ৰাস মহোৎসৱ খনিৰ বাবে বাজেট ধাৰ্য্য কৰিছে ৪২ লাখ টকা । অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাবে থাকিব তিনিটা বিশেষ ষ্টল । জুবিন গাৰ্গৰ বিদ্যুৎ চালিত প্ৰতিমুৰ্তিয়ে পৰিবেশন কৰি থাকিব গীত । ইয়াৰোপৰি প্ৰতিদিনে থাকিব অসমৰ নামী দামী শিল্পীৰ গীতৰ শৰাইৰ লগতে নাগাৰা নাম । ৰাস মহোৎসৱ খনিৰ শেষৰ দিনা থাকিব বলিউদৰ কণ্ঠ শিল্পী অৰুনিতা কাঞ্জিলালৰ গীতৰ শৰাই ।
ৰাস মহোৎসৱ হৈছে এটা উদযাপন যাৰ মাধ্যমেৰে শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন কাহিনী উদযাপন কৰা হয়, বিশেষকৈ তেওঁৰ ৰাসলীলাৰ। এই উৎসৱটো অসম, বিশেষকৈ মাজুলী, নলবাৰী, হাউলী, আৰু পলাশবাৰীৰ দৰে স্থানসমূহত অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। এই সময়ত, বিভিন্ন সত্ৰসমূহত শ্ৰীকৃষ্ণৰ বন্দনা কৰা হয় আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা