
গোলাঘাট, ০৩ নৱেম্বৰ (হি.স.)। মহিলা বিশ্বকাপ ফাইনেলত উজলিল ভাৰত ৷ নবী মুম্বাইত দেওবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইতিহাস ৰচনা কৰিলে ভাৰতীয় মহিলা দলে ৷ সেই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্য আছিল বোকাখাতৰ জিয়ৰী অসম কন্যা উমা ছেত্ৰী ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰাৰ পিছত সোমবাৰে উমা ছেত্ৰীৰ বোকাখাতৰ কান্ধুলিমাৰিৰ বাসগৃহত এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হয়।
উল্লেখ্য় যে মহিলা বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম সদস্য উমা ছেত্ৰীৰ নামত 'ইনড'ৰ ক্ৰিকেট প্ৰেকটিছ হল' এটিও উদ্বোধন কৰা হৈছে । ২০২৫ ৰ বিশ্বকাপ ফাইনেল খেলৰ দিনা যোৱা কালি দেওবাৰে সন্ধিয়া বোকাখাতত এই ইনড'ৰ হলটো উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই । বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বোকাখাতৰ বিধায়কজনে ক্ৰিকেটাৰ উমা ছেত্ৰীলৈ দিলে এই ব্যতিক্ৰমী উপহাৰ । নবী মুম্বাইত চলি থকা বিশ্বকাপৰ ফাইনেল খেলৰ সন্ধিয়াটোত বোকাখাতৰ উদীয়মান ক্ৰিকেটাৰ সকলক লগতলৈ উমা ছেত্ৰীলৈ আগবঢ়ালে এই প্ৰেকটিছ হলটো । অত্যধুনিক সুবিধা থকা ইনড'ৰ হলটোত বাৰিষাৰ বতৰটো ক্ৰিকেট প্ৰেকটিছৰ সুবিধা পাব বোকাখাতৰ ক্ৰিকেটাৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা