বাঁহীবাদক তথা জীৱনমুখী শিল্পী দীপক শৰ্মাৰ অকাল বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ
বাঁহীৰে পৃথিৱীৰ মৰম বোটলা শিল্পীগৰাকীৰ মনত শিপাই আছিল গভীৰ জাতীয়তাবোধঃ লুৰীণজ্যোতি গগৈ গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। বাঁহীবাদক তথা জীৱনমুখী শিল্পী দীপক শৰ্মাৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত দলটো
বাঁহীবাদক তথা জীৱনমুখী শিল্পী দীপক শৰ্মাৰ অকাল বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ


বাঁহীৰে পৃথিৱীৰ মৰম বোটলা শিল্পীগৰাকীৰ মনত শিপাই আছিল গভীৰ জাতীয়তাবোধঃ লুৰীণজ্যোতি গগৈ

গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। বাঁহীবাদক তথা জীৱনমুখী শিল্পী দীপক শৰ্মাৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘বাঁহীৰেই জগত জিনা শিল্পী দীপক শর্মা দেৱৰ বিয়োগত আমি শোকপ্ৰকাশ কৰিছোঁ। অতুলনীয় সাংগীতিক প্ৰতিভাৰ গৰাকী দীপক শৰ্মাই বাঁহীৰ সুৰেৰে সমন্বয়ৰ সাঁকো সাজিছিল। মৰমৰ বাণী বিলাইছিল। অসমত বাঁহীক আধুনিক বাদ্যৰূপে জনপ্ৰিয় আৰু সম্ভাৱনাময় কৰি তুলিছিল শিল্পীগৰাকীয়ে। এসময়ত শাস্ত্ৰীয় সংগীতো পৰিৱেশন কৰা দীপক শৰ্মাই বাঁহীটো লৈয়েই অসম আৰু অসমীয়াত্বক বিশ্বমঞ্চত তুলি ধৰিবলৈ সক্ষম হৈছিল। জীয়াই থকাৰ প্ৰচুৰ হেঁপাহ আছিল তেখেতৰ। এইগৰাকী শিল্পীৰ অকাল বিয়োগৰ খবৰ অসহনীয়। গভীৰ শ্ৰদ্ধাঞ্জলিৰে শেষ বিদায় জনাইছোঁ। অসমৰ সমাজ জীৱনে বাঁহীবাদকগৰাকীৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিব।’’

সভাপতি লুৰীণজ্যোতি গগৈয়ে লগতে কয়, ‘‘এবুকু অভিমান সামৰি বাঁহীৰ আজন্ম প্ৰেমিকজন গুচি গ’ল ৷ বাট হেৰুৱাই নিথৰুৱা হ’ল সুৰবোৰ ৷ বুকুৰ বতাহ টানি বাঁহীৰেই পৃথিৱীৰ মানুহক একেটা সুৰত বন্ধা দীপক শৰ্মা ডাঙৰীয়াৰ মৃত্যুৰ খবৰ মানি ল’ব নোৱাৰি৷ বাঁহীৰে বিশ্ববাসীৰ আস্থা-বিশ্বাস আৰু ভালপোৱা বোটলা শিল্পীগৰাকীৰ মনত শিপাই আছিল গভীৰ জাতীয়তাবোধ। অসমৰ লোকসংগীত আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ সুৰ বাঁহীৰে প্ৰতিভাত কৰি তুলিছিল শিল্পীগৰাকীয়ে। এতিয়াৰেপৰা আমি আৰু কেতিয়াও নুশুনো দীপক ৰাগ। এই বেদনাই মৰ্মাহত কৰিছে।’’

সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘বিশিষ্ট বাঁহীবাদকগৰাকীৰ অকাল বিয়োগ জাতিটোৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ অবৰ্তমানত পৰিয়ালটোৰ চোৱাচিতা কৰিবলৈ আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। দীপক শৰ্মা নামৰ শিল্পীসত্তাটি তেখেতৰ সৃষ্টিৰ মাজেৰে অসমবাসীৰ মৰমত চিৰদিন উমলি-জামলি থাকিব। আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ। অসমৰ আকাশে-বতাহে অনুৰণিত হৈ থাকিব এই বাঁহীৰ সুৰ।’’

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande