ইণ্ডিয়ান মহিলা ফুটবল লীগ ২০২৫-২৬ দুটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ ঘোষণা এআইএফএফৰ
নতুন দিল্লী, ০৩ নৱেম্বৰ (হি.স.)। নিখিল ভাৰত ফুটবল ফেডাৰেচনে (এআইএফএফ) সোমবাৰে ঘোষণা কৰে যে ২০২৫-২৬ ইণ্ডিয়ান উইমেনছ লীগ (আই ডব্লিউ এল) দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। অংশগ্ৰহণকাৰী ক্লাবসমূহৰ অনুৰোধৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। এ আই এফ এফে এক বিবৃতিত
आईडब्ल्यूएल ट्रॉफी


নতুন দিল্লী, ০৩ নৱেম্বৰ (হি.স.)। নিখিল ভাৰত ফুটবল ফেডাৰেচনে (এআইএফএফ) সোমবাৰে ঘোষণা কৰে যে ২০২৫-২৬ ইণ্ডিয়ান উইমেনছ লীগ (আই ডব্লিউ এল) দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। অংশগ্ৰহণকাৰী ক্লাবসমূহৰ অনুৰোধৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

এ আই এফ এফে এক বিবৃতিত কয় যে ৩০ অক্টোবৰত আঠটা ক্লাবৰ সৈতে হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।২০২৫ চনৰ ২০ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ৬ জানুৱাৰীলৈ লীগৰ প্ৰথম পৰ্যায়ৰ খেল অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয় পৰ্যায়ৰ খেলখন ২০২৬ চনৰ ২০ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ১০ মে’লৈকে অনুষ্ঠিত হ’ব।

ফেডাৰেচনে ব্যাখ্যা কৰে যে সময়সূচী সলনি কৰা হৈছে কাৰণ “বহু সংখ্যক খেলুৱৈয়ে নিজৰ নিজৰ ক্লাবৰ আন্তঃৰাষ্ট্ৰীয় মেচ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰতিশ্ৰুতিত ব্যস্ত থাকিব।”

মন কৰিবলগীয়া যে ইষ্ট বেংগল বৰ্তমানৰ আই ডব্লিউ এল চেম্পিয়ন।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande