
ঢাকা, ২৬ নৱেম্বৰ (হি.স.)। বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-১ৰ পৰা পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ পিছত অন্তৱৰ্তীকালীন চৰকাৰে তেওঁৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় ৰাজহ ব’ৰ্ডৰ কেন্দ্ৰীয় চোৰাংচোৱা কোষে মতিঝিলৰ অগ্ৰণী বেংকৰ মূল শাখাত শ্বেখ হাছিনাৰ নামত পঞ্জীয়নভুক্ত দুটা লকাৰৰ পৰা ৮৩২.৫১ টোলা (৯.৭০৪ কিলোগ্ৰাম) সোণৰ গহণা উদ্ধাৰ কৰে।
দ্য ডেইলী ষ্টাৰৰ তথ্য অনুসৰি সোমবাৰে ৰাষ্ট্ৰীয় ৰাজহ ব’ৰ্ডৰ কেন্দ্ৰীয় চোৰাংচোৱা কোষৰ বিষয়াসকলে এই অভিযান চলায়। সবিশেষত উল্লেখ কৰা হৈছে যে বিষয়াসকলে নিয়ম অনুসৰি ৭৫১ আৰু ৭৫৩ নম্বৰৰ লকাৰ খুলিছিল। সোণৰ গহণাৰ উপৰিও ভাৰত আৰু বিদেশৰ পৰা লাভ কৰা বঁটা আৰু উপহাৰো এই লকাৰসমূহৰ পৰা উদ্ধাৰ কৰা হয়।
সোমবাৰে পুবলী বেংকত হাছিনাৰ নামত পঞ্জীয়নভুক্ত আন এটা লকাৰ মুকলি কৰা হয়। বিষয়াসকলে জনোৱা মতে, তাত কোনো সম্পত্তি পোৱা নগ’ল। মন কৰিবলগীয়া যে বাংলাদেশত সোণৰ জোখৰ পৰম্পৰাগত একক হৈছে টোলা। এক টোলাত প্ৰায় ১১.৬৬৪ গ্ৰাম বুলি ধৰা হয়। এই ইউনিট দক্ষিণ এছিয়াৰ অন্যান্য দেশ যেনে ভাৰত আৰু নেপালতো ব্যৱহাৰ কৰা হয়। এই ওজনৰ পৰিমাপ গহণা নিৰ্মাণ আৰু মূল্যৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ