ইতিহাসৰ পৃষ্ঠাত ২৭ নৱেম্বৰঃ হিন্দী সাহিত্যৰ ‘মধুশালা’ৰ লেখক কবি হৰিবংশ ৰায় বচ্চনৰ জন্ম বাৰ্ষিকী
১৯০৭ চনৰ ২৭ নৱেম্বৰত এলাহাবাদ (প্ৰয়াগৰাজ)ত জন্মগ্ৰহণ কৰা হৰিবংশ ৰায় বচ্চনক হিন্দী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কবি হিচাপে গণ্য কৰা হয়, যিয়ে জন জনৰ মাজলৈ কবিতা বিয়পাই দিছিল। তেওঁৰ অনন্য শৈলী, সহজ ভাষা, আৱেগিক প্ৰকাশৰ কাৰণে বচ্চনৰ ৰচনাসমূহ আজিও তেওঁৰ
হিন্দী সাহিত্যৰ মধুশালাৰ লেখক কবি হৰিবংশ ৰায় বচ্চন


১৯০৭ চনৰ ২৭ নৱেম্বৰত এলাহাবাদ (প্ৰয়াগৰাজ)ত জন্মগ্ৰহণ কৰা হৰিবংশ ৰায় বচ্চনক হিন্দী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কবি হিচাপে গণ্য কৰা হয়, যিয়ে জন জনৰ মাজলৈ কবিতা বিয়পাই দিছিল। তেওঁৰ অনন্য শৈলী, সহজ ভাষা, আৱেগিক প্ৰকাশৰ কাৰণে বচ্চনৰ ৰচনাসমূহ আজিও তেওঁৰ সময়ৰ দৰেই জনপ্ৰিয় হৈ আছে।

তেওঁৰ কালজয়ী ৰচনা মধুশালাই তেওঁক হিন্দী সাহিত্যত এক সুকীয়া পৰিচয় অৰ্জন কৰিছিল। এই গ্ৰন্থখন কেৱল শব্দৰ সংকলন নহয়, জীৱনৰ জটিলতা, সংগ্ৰাম, আশাৰ উপমা। বচ্চনৰ আন আন গুৰুত্বপূৰ্ণ ৰচনাসমূহৰ ভিতৰত মধুবালা, মধুকলশ, নিশা নিমন্ত্ৰণ, খাদি কে ফুল আদি।

তেওঁ সাহিত্যিক অৱদানৰ বাবে পদ্মভূষণ আৰু সাহিত্য অকাডেমী বঁটাকে ধৰি অসংখ্য সন্মান লাভ কৰে। তেওঁ কেৱল কবিই নহয়, এজন সুদক্ষ অনুবাদকো আছিল। তেওঁ শ্বেক্সপীয়েৰৰ কেইবাখনো গ্ৰন্থ হিন্দীলৈ অনুবাদ কৰিছিল, যিবোৰ আজিও সন্দৰ্ভ গ্ৰন্থ হিচাপে ব্যৱহাৰ কৰা হয়। হৰিবংশ ৰায় বচ্চনৰ সাহিত্য গভীৰ মানৱীয় আৱেগ, প্ৰেম, দুখ, জীৱন দৰ্শনেৰে ভৰা এক অমূল্য সম্পদ।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১০০১ - আজিৰ দিনটোতে হিন্দু শাসক জয়পাল গাজনীৰ আগ্ৰাসী মাহমুদৰ হাতত পৰাস্ত হয়।

১০৯৫ - পোপ আৰ্বান দ্বিতীয়ই প্ৰথম ক্ৰুছেডৰ প্ৰচাৰ কৰে।

১৭৯৫ - আজিৰ দিনটোতে প্ৰথম বাংলা নাট মঞ্চস্থ হয়।

১৮০৭ - পৰ্তুগীজ ৰাজ পৰিয়ালে নেপোলিয়নৰ সেনাবাহিনীৰ ভয়ত লিছবন এৰি থৈ যায়।

১৮১৫ - পোলেণ্ড ৰাজ্যই সংবিধান গৃহীত কৰে।

১৮৯৫ চনত আলফ্ৰেড নোবেলে নোবেল বঁটা প্ৰতিষ্ঠা কৰে।

১৯১২ - আলবেনিয়াই নিজৰ জাতীয় পতাকা গ্ৰহণ কৰে।

১৯৩২ - পোলেণ্ড আৰু তেতিয়াৰ ছোভিয়েট ইউনিয়নে অ-আগ্ৰাসন চুক্তি স্বাক্ষৰ কৰে।

১৯৪৯ - আজিৰ দিনটোতে জবলপুৰবাসীয়ে অনুদান সংগ্ৰহ কৰি পৌৰসভাৰ চৌহদত সুভদ্ৰ কুমাৰী চৌহানৰ পূৰ্ণবয়ব আকাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰে, যিটো কবি আৰু তেওঁৰ শৈশৱৰ বন্ধু মহাদেৱী বৰ্মাই উন্মোচন কৰে।

১৯৬৬ - উৰুগুৱেই নিজৰ সংবিধান গৃহীত কৰে।

১৯৯৫ - মিছ ভেনিজুৱেলা জোচেলিন এগুইলেৰা মাৰ্কানোক ১৯৯৫ চনৰ মিছ বিশ্বৰ মুকুট পিন্ধোৱা হয়।

২০০০ - জৰ্জ বুছে ফ্ল'ৰিডাৰ প্ৰাইমাৰীত ৫৩৭ টা ভোটত জয়লাভ কৰে। বিজয়ৰ পিছতে জৰ্জ বুছ জুনিয়ৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দাবী কৰে।

২০০১ - হাবল টেলিস্কোপে অচিৰিছ গ্ৰহত হাইড্ৰজেন সমৃদ্ধ বায়ুমণ্ডল আৱিষ্কাৰ কৰে।

২০০২ - বেলাৰুছৰ প্ৰধানমন্ত্ৰী গেনাডি ভি নভিটস্কিয়ে নতুন দিল্লী ভ্ৰমণ কৰে।

২০০৪ - আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ সভাপতি জুয়ান ছ’মাভিয়া নতুন দিল্লীত উপস্থিত হয়।

২০০৫ - ইছাবেল ডিন’য়াৰ নামৰ এগৰাকী ফৰাচী মহিলাই বিশ্বৰ প্ৰথমটো সফল আংশিক মুখ সংৰোপণ কৰে।

২০০৭ - পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে নিজৰ সামৰিক সহকৰ্মীসকলক বিদায় দিয়ে।

২০০৮ - উত্তৰ প্ৰদেশে ষষ্ঠ দৰমহা আয়োগ ৰূপায়ণ কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয়।

২০০৮ - কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা তিনিগুণ বৃদ্ধিৰ অনুমোদন জনায়।

২০১২ - ইউৰো মণ্ডলে আৰ্থিক সংকটৰ সন্মুখীন হোৱা গ্ৰীচক ৪৩.৭ বিলিয়ন ইউৰো ঋণ দিয়াৰ কথা ঘোষণা কৰে।

২০১৩ - বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী এনিমেটেড ছবি ফ্ৰ'জেন মুক্তি লাভ কৰে।

২০১৪ - বাউন্সাৰৰ খুন্দাত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ফিলিপ হিউজৰ মৃত্যু হয়।

২০১৭ - উত্তৰ প্ৰদেশৰ ওৰাইত পাত চৰা আৰু ফুলৰ টীব ভঙাৰ অপৰাধত চাৰিদিন কাৰাবন্দী হৈ থকা আঠটা গাধক মুকলি কৰি দিয়া হয়।

২০১৯ - পৃথিৱীৰ অত্যন্ত স্পষ্ট ছবি লোৱা ভাৰতৰ কাৰ্ট’ছেট-৩ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰা হয়।

জন্ম

১৮৮১ - আজিৰ দিনটোতে কাশী প্ৰসাদ জয়ছোৱাল - বিখ্যাত ভাৰতীয় ইতিহাসবিদ আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পুৰাতত্ত্ববিদ।

১৮৮৮ - আজিৰ দিনটোতে গণেশ বসুদেৱ মাভলংকাৰ - বিখ্যাত স্বাধীনতা সংগ্ৰামী আৰু লোকসভাৰ প্ৰথম অধ্যক্ষ।

১৯০৭ - আজিৰ দিনটোতে বিখ্যাত কবি আৰু সাহিত্যিক হৰিবংশ ৰায় বচ্চন।

১৯৪০ - ব্ৰুচ লি - কিংবদন্তি যুদ্ধ কলাৰ কিংবদন্তি।

১৯৪২ - মৃদুলা সিনহা - ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা গোৱাৰ প্ৰাক্তন ৰাজ্যপাল।

১৯৪৭ - ইছমাইল ওমৰ গুয়েলেহ - বৰ্তমানৰ জিবুতিৰ ৰাষ্ট্ৰপতি।

১৯৫০ - কুইন ওজা - অসমৰ গুৱাহাটীৰ পৰা ভাৰতীয় ৰাজনীতিবিদ।

১৯৫২ - বাপ্পী লাহিৰি - বিখ্যাত ভাৰতীয় গায়ক আৰু সংগীতজ্ঞ।

মৃত্যু

১৯৭৬ - গজানন ত্ৰিম্বক মাদখোলকাৰ - মাৰাঠী ঔপন্যাসিক, সমালোচক আৰু সাংবাদিক।

১৯৭৮ - লক্ষ্মীবাই কেলকাৰ - ভাৰতৰ প্ৰখ্যাত সমাজ সংস্কাৰক।

২০০২ - শিৱমংগল সিং সুমন - বিখ্যাত প্ৰগতিশীল কবি।

২০০৮ - ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিং।

২০১১ - চুলতান খান - ভাৰতৰ বিখ্যাত সাৰংগীবাদক আৰু শাস্ত্ৰীয় গায়ক।

২০১৮ - মহম্মদ আজিজ - ভাৰতৰ অন্যতম বিখ্যাত প্লেবেক গায়ক আছিল।

২০১৯ - ভাৰতীয় নৌসেনাৰ প্ৰাক্তন মুৰব্বী এডমিৰেল সুশীল কুমাৰৰ মৃত্যু।

গুৰুত্বপূৰ্ণ দিন

- ৰাষ্ট্ৰীয় কেডেট কৰ্পছ দিৱস (নৱেম্বৰ মাহৰ চতুৰ্থ দেওবাৰ)।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande