
গোলাঘাট, ২৫ নৱেম্বৰ (হি.স.): কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বগা বৰণৰ হৰিণ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিছে দিল্লীৰ পৰ্যটক ৷ উল্লেখযোগ্য যে জেনেটিক কাৰণ বা এলবিন’ৰ বিসংগতিৰ বাবে কেতিয়াবা দুই এটা হৰিণাৰ বৰণ বগা হৈ পৰে ৷ গতিকে পৰ্যটকৰ দৃষ্টিত পৰা বগা হৰিণ হৈপৰে অধিক আকৰ্ষণীয় ৷
আন বছৰ সমূহৰ দৰেই পৰ্যটনৰ সময়চোৱাত পৰ্যটকে উপভোগ কৰিছে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য ৷ গঁড়, হাতী, বনৰীয়া ম’হ, হৰিণ, বাঘকে ধৰি বিগ ফাইভৰ উপৰি ভিন্ন প্ৰজাতিৰ পক্ষী, সৰীসৃপ আদিয়ে মন জুৰাইছে পৰ্যটকৰ ৷ অৱশ্যে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ দৰে পৰ্যটকৰ ভিৰ বঢ়া নাই কাজিৰঙাত ৷ অৱশ্যে দেশী বিদেশী বহু পৰ্যটকসকল কাজিৰঙাৰ বিনন্দীয়া ৰূপত আপ্লুত হৈ পৰিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ