
কিয়েভ, ২৫ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ এজন জ্যেষ্ঠ বিষয়াই দাবী কৰিছে যে ইউক্ৰেইনে ৰাছিয়াৰ সৈতে যুদ্ধৰ অন্ত পেলাবলৈ ৰচনা কৰা শান্তি প্ৰস্তাৱত অনুমোদন জনাইছে আৰু মাত্ৰ “কেইটামান সৰু সৰু সমস্যা”ৰ সমাধান বাকী আছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে চুক্তিখন চূড়ান্ত কৰাৰ বাবে “বহু কাম বাকী আছে” বুলি কোৱাৰ সময়তে এই বক্তব্য প্ৰকাশ কৰিছে।
আমেৰিকাৰ সেনা সচিব ডেন ড্ৰিস্কল আবুধাবিত ৰাছিয়াৰ বিষয়াসকলৰ সৈতে ট্ৰাম্প প্ৰশাসনৰ শান্তি প্ৰস্তাৱক লৈ আলোচনাত মিলিত হৈছে। ইফালে, আমেৰিকাৰ এজন বিষয়াই কয় যে, ইউক্ৰেইনৰ লোকসকলে শান্তি চুক্তিত সন্মতি প্ৰকাশ কৰিছে। মাত্ৰ কেইটামান সৰু সৰু কথা বাকী আছে।
এই মন্তব্যই ইউক্ৰেইনৰ বিষয়াসকলৰ ৰাজহুৱা স্থিতিৰ বিৰোধিতা কৰিছে। আবুধাবিত ইউক্ৰেইনৰ এটা প্ৰতিনিধি দলো উপস্থিত আছে আৰু ড্ৰিস্কলৰ সৈতে অহৰহ যোগাযোগত আছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সচিব ৰুষ্টাম উমেৰভে এক্স পোষ্টত লিখিছে যে জেনেভাত হোৱা আলোচনাৰ ফলত “চুক্তিখনৰ মূল চৰ্তসমূহৰ ওপৰত দুয়োপক্ষৰ মাজত এক উমৈহতীয়া বুজাবুজিৰ সৃষ্টি হৈছে”। তেওঁ আস্থা প্ৰকাশ কৰে যে ইউৰোপীয় অংশীদাৰসকলে চলি থকা প্ৰক্ৰিয়াটোত সহায় আগবঢ়াব। তেওঁ লগতে ইংগিত দিয়ে যে ইউক্ৰেইনে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে অতি সোনকালে আমেৰিকা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যাতে “চূড়ান্ত পদক্ষেপ সম্পূৰ্ণ কৰা হয় আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে চুক্তি চূড়ান্ত কৰা হয়”।
তদুপৰি জেলেনস্কিয়ে পুৱা ছ’চিয়েল মিডিয়া চাইট এক্সতো কয় যে, জেনেভা আলোচনাই শান্তিৰ পথ বাস্তৱত পৰিণত কৰাৰ বহু সম্ভাৱনা মুকলি কৰিছে। শক্তিশালী অগ্ৰগতি হৈছে, কিন্তু বহু কাম বাকী আছে।
ইফালে, আমেৰিকাৰ সেনা সচিব ড্ৰিস্কলৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল জেফ টলবাৰ্টে কয় যে আবুধাবিত আমেৰিকা-ৰাছিয়াৰ আলোচনা ইতিবাচকভাৱে আগবাঢ়িছে আৰু আমি আশাবাদী।
हिन्दुस्थान समाचार / অৰৱিন্দ