
মানকাচৰ, ২৫ নৱেম্বৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত খাৰুৱাবান্ধাত জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰ প্ৰাংগনলৈকে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি ইউনিটি মাৰ্চ ৰ বাবে পদযাত্ৰা উলিয়ায়।
উক্ত কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে জনতা উচ্চতৰ মাধ্যমিক মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল। পদযাত্ৰা খনৰ মুখ্য উদ্দেশ্য হৈছে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলা আৰু সকলো ভাৰতীয়ৰ মাজত একতা গঢ়ি তোলা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ