তামুলপুৰত আৰোহণ আঁচনি সন্দৰ্ভত জিলা প্ৰশাসনৰ সভা
তামুলপুৰ, ২৫ নৱেম্বৰ (হি.স.)। ছাত্ৰ-ছাত্ৰী সকলৰ যি টেলেণ্ট আছে, তাক কি ধৰণে আমি আগবঢ়াই লৈ যাব পাৰো, তেওঁলোকে স্বাস্থ্যৰ যত্ন ঠিক মতে লৈছেনে নাই, তেওঁলোকৰ মানসিক উৎকৰ্ষ ঠিক মতে হৈছেনে নাই, তেওঁলোক কি পৰিৱেশত আছে আদিৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিব
তামুলপুৰত আৰোহণ আঁচনি সন্দৰ্ভত জিলা প্ৰশাসনৰ সভা।


তামুলপুৰত আৰোহণ আঁচনি সন্দৰ্ভত জিলা প্ৰশাসনৰ সভা।


তামুলপুৰত আৰোহণ আঁচনি সন্দৰ্ভত জিলা প্ৰশাসনৰ সভা।


তামুলপুৰ, ২৫ নৱেম্বৰ (হি.স.)। ছাত্ৰ-ছাত্ৰী সকলৰ যি টেলেণ্ট আছে, তাক কি ধৰণে আমি আগবঢ়াই লৈ যাব পাৰো, তেওঁলোকে স্বাস্থ্যৰ যত্ন ঠিক মতে লৈছেনে নাই, তেওঁলোকৰ মানসিক উৎকৰ্ষ ঠিক মতে হৈছেনে নাই, তেওঁলোক কি পৰিৱেশত আছে আদিৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিব লাগিব।― অসম চৰকাৰৰ এখন বিশেষ আঁচনি আৰোহণ, ২০২৫-২৬ সন্দৰ্ভত তামুলপুৰৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগ আৰু সমগ্ৰ শিক্ষা-ৰ অধীনত আজি অনুষ্ঠিত এখন সভাত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এনেদৰে মন্তব্য কৰে।

লগতে তেওঁ সাংবাদিকৰ সন্মুখত আৰোহণ আঁচনিৰ জৰিয়তে জিলা খনৰ ৭২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিশেষ অনুপ্ৰেৰণা লাভ কৰিব। অকল এই ছাত্ৰ-ছাত্ৰী সকলেই নহয়, তেওঁলোকৰ লগৰ ছাত্ৰ-ছাত্ৰীসকলেও যথেষ্ট অনুপ্ৰাণিত হ'ব।― বুলিও উল্লেখ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ উৎকৰ্ষ সাধনৰ বাবে এক দিন আৰ্মী কে সাথ আৰু ব্ৰেকফাষ্ট উইথ ডিচি কাৰ্যসূচী দুটা অতিশীঘ্ৰে পুনৰ আৰম্ভ কৰিব বুলিও মন্তব্য আগবঢ়ায়। জিলা আয়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ মনোবল তথা আত্মবিশ্বাস বঢ়াবলৈ আটাইতকৈ কম বয়সীয়া আই পি এছ বিষয়া ছাফিন হাছানৰ জীৱন আৰু তেওঁৰ সপোনৰ বিষয়েও উল্লেখ কৰে।

জেমছ ক্লিয়েৰৰ বহুপঠিত গ্ৰন্থ এট'মিক হেবিটছ-ৰ প্ৰসংগৰে সময়ৰ সদ্ব্যৱহাৰৰ কথাও সকলোৰে সন্মুখত দাঙি ধৰে। তেওঁ গুৰু (মেণ্টৰ)সকলক উদ্দেশ্যে কয়, প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়েই ভাল কথা শিকিব বিচাৰে। আমি যদি তেওঁলোকৰ সৈতে কিছুসময় একাত্মভাৱে বহো, আমি যদি তেওঁলোকক অকমান সময় দিওঁ, তেন্তে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়েই জীৱনত সফলতা লাভ কৰাৰ উপৰি একো একোগৰাকী দেশপ্ৰেমিক হিচাপে থিয় হ'ব পাৰিব। জিলাখনৰ ৭২খন স্কুলৰ অষ্টম মানত সৰ্বোচ্চ নম্বৰ লাভ কৰি নৱম মানলৈ উত্তীৰ্ণ হোৱা ৭২গৰাকী ছাত্ৰ-ছাত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়া সকলৰ উপৰি স্থানীয় মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰু সকলক মেণ্টৰ হিচাপে লৈ আজিৰ এই সভাখন অনুষ্ঠিত হয়। উল্লেখ্য যে ৭২গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৭২গৰাকী গুৰুৱে (মেণ্টৰ) ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ গঢ়াত সহযোগিতা আগবঢ়াব। আজিৰ সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাবুৰাম পেগু, অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্ত অৰুণিমা কাকতি আৰু স্কুল সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলামেও ভাষণ ৰাখে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande