তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰোহণ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান
তামুলপুৰ, ২৫ নৱেম্বৰ (হি.স.)। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰোহণ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা তামুলপুৰৰ সহযোগত আৰোহণ আঁচনি ২০২৫-২৬ ৰ শুভাৰম্ভণি কাৰ্যসূচী ৰ
তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰোহণ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান


তামুলপুৰ, ২৫ নৱেম্বৰ (হি.স.)। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰোহণ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা তামুলপুৰৰ সহযোগত আৰোহণ আঁচনি ২০২৫-২৬ ৰ শুভাৰম্ভণি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ফলাফলৰ ভিত্তিত নিৰ্বাচন কৰি নৱম শ্ৰেণীৰ ৭২ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ৭২ গৰাকী বিশেষ গুৰু (মেন্টৰ) ৰ মাজত ভাৱ-বিনিময় কৰাৰ লগতে নিৰ্বাচিত ছাত্ৰ ছাত্ৰী সকলৰ সৰ্বাংগীণ উন্নয়নৰ হেতু ৭২ গৰাকী বিশেষ গুৰুৱে ভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ কেৰিয়াৰ কাউন্সিলং কৰা হ'ব বুলিও জানিব পৰা গৈছে। এইক্ষেত্ৰত জিলাপ্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ বিদ্যালয়, মহাবিদ্যালয়ৰ বহুকেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী সকলে বিশেষ গুৰু অৰ্থাৎ মেন্টৰ হিচাপে তেওঁলোকৰ নিজৰ নিজৰ দায়িত্বত থকা শিষ্যসকলক লৈ ভৱিষ্যত সুদৃঢ় কৰাৰ পৰিকল্পনা আৰু প্ৰতিমাহে ছাত্ৰ ছাত্ৰী সকলৰ মতামত লোৱাৰ দিহা কৰা বুলি তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়ে।

আজিৰ এই কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তাবুৰাম পেগু, বিদ্যালয় পৰিদৰ্শক জেহেৰুল ইছলামকে ধৰি জিলা প্ৰশাসন তথা শিক্ষা বিভাগৰ কেবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande