
কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভত খিলঞ্জীয়া গো-ম'হ পালক সকলৰ প্ৰতি চৰম ভাবুকি আহি পৰাৰ অভিযোগ। প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে গো -ম'হ পালক সকলৰ বাবে কেইবা হাজাৰ ভূমি সংৰক্ষিত কৰি দিছিল দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত। কিন্তু হাজোৰ দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভত গো ম'হ পালক সকল নিশাৰ ভাগত নিজৰ খুটিত থকা-মেলাৰ ক্ষেত্ৰত সন্দেহ জনক লোকৰ ভাবুকিৰ সম্মুখীন হৈ আহিছে।
গ্ৰেজিং ৰিজাৰ্ভত সম্প্ৰতি খিলঞ্জীয়া লোক সকলৰ গো-ম'হৰ ওপৰত সন্দেহ জনক লোকে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আজি পুৱতি নিশা দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভত এগৰাকী গো-ম'হ পালকৰ ম'হক কোনো সন্দেহ জনক লোকে ঘপিয়াই আঘাতপ্ৰাপ্ত কৰাৰ উপৰিও আন এটা ম'হ সন্ধানহীন হৈ থকাৰ ফলত উপায়ন্তৰ হৈ ৰামদিয়া আৰক্ষীৰ কাষ চাপে গো পালক সকল। এনে ঘটনাৰ সন্দৰ্ভত গ্ৰেজিং ৰিজাৰ্ভ খনৰ গো-ম'হ পালক সকলে সন্দেহৰ ভিত্তিত চাৰি গৰাকিকৈ লোকৰ ওপৰত ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ইতিমধ্যে ৰামদিয়া আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ