ঘৰুৱা শ্বেয়াৰ বজাৰ ৰঙা চিহ্নত বন্ধ, চেন্সেক্স ৩১৪ পইণ্ট আৰু নিফটি ৭৫ পইণ্ট হ্ৰাস
নতুন দিল্লী, ২৫ নৱেম্বৰ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত মঙলবাৰেও একেৰাহে তৃতীয়টো ব্যৱসায়িক অধিবেশনৰ বাবে অৱনতি অব্যাহত আছে। দুয়োটা ডাঙৰ সূচকাংক ৰঙা চিহ্নত বন্ধ হৈ পৰিল। বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ মূলধন বহিঃপ্ৰবাহৰ মাজতে আই টি আৰু অটো ষ্টকত
शेयर बाजार के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ২৫ নৱেম্বৰ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত মঙলবাৰেও একেৰাহে তৃতীয়টো ব্যৱসায়িক অধিবেশনৰ বাবে অৱনতি অব্যাহত আছে। দুয়োটা ডাঙৰ সূচকাংক ৰঙা চিহ্নত বন্ধ হৈ পৰিল। বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ মূলধন বহিঃপ্ৰবাহৰ মাজতে আই টি আৰু অটো ষ্টকত বিক্ৰীৰ ফলত চেন্সেক্সৰ ৩১৪ পইণ্ট হ্ৰাস পোৱাৰ বিপৰীতে নিফ্টীৰ ৭৫ পইণ্ট হ্ৰাস পাইছে।

অস্থিৰ ব্যৱসায়ত বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স ৩১৩.৭০ পইণ্ট বা ০.৩৭ শতাংশ হ্ৰাস পাই ৮৪,৫৮৭.০১ পইণ্টত বন্ধ হয়। দিনটোত ৩৬৩.৯৮ পইণ্টলৈকে হ্ৰাস পাইছিল। ইফালে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিৰ মূল্য ৭৪.৭০ পইণ্ট বা ০.২৯ শতাংশ হ্ৰাস পাই ২৫,৮৮৪.৮০ত বন্ধ হয়।

৩০টা শ্বেয়াৰৰ চেন্সেক্স ষ্টকৰ ভিতৰত টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ, ট্ৰেণ্ট, ইনফ’ছিছ, পাৱাৰ গ্ৰীড, এইচচিএল টেক, কোটাক মহিন্দ্ৰা বেংক, আইচিআইচিআই বেংক, এইচডিএফচি বেংক, আৰু বাজাজ ফাইনেন্সৰ লোকচান আটাইতকৈ বেছি। কিন্তু ভাৰত ইলেক্ট্ৰনিকছ, ষ্টেট বেংক অৱ ইণ্ডিয়া, টাটা ষ্টীল, ইটাৰ্নেল, ভাৰতী এয়াৰটেল, আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে লাভৱান হয়।

সপ্তাহটোৰ প্ৰথমটো ব্যৱসায়িক দিন সোমবাৰে শ্বেয়াৰ বজাৰৰ দুয়োটা ডাঙৰ সূচকাংক ৰঙা ৰঙেৰে বন্ধ হৈ পৰে। বিএছই চেন্সেক্স ৩৩১.২১ পইণ্ট বা ০.৩৯ শতাংশ হ্ৰাস পাই ৮৪,৯০০.৭১ পইণ্টত বন্ধ হয়। এন এছ ই নিফটিৰ মূল্যও ১০৮.৬৫ পইণ্ট বা ০.৪২ শতাংশ হ্ৰাস পাই ২৫,৯৫৯.৫০ পইণ্টত বন্ধ হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande