
গোলাঘাট, ২৫ নৱেম্বৰ (হি.স.): ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে যোৱা কালি সোমবাৰৰ সন্ধিয়া দেৰগাঁৱত হাতে হাতে জুইৰ শিখালৈ মিচিং জাতীয় সংগঠন টিএমপিকে, এমএমকে, টিএমএমকেৰ কৰ্মীসকলে প্ৰতিবাদী জোৰ সমদল বাহিৰ কৰে। প্ৰতিবাদী সকলে হুংকাৰ দি কয়- আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধ কৰি আহিছো আৰু কৰি যাম।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে অসম চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ দেৰগাঁৱৰ বাঁহগুৰিৰ পৰা দিচৈ চাৰি আলিলৈ ব্ৰহ্মপুত্ৰ অঞ্চলৰ মিছিং সমাজ ওলাই আহি হাতে হাতে জোৰ লৈ সমদল বাহিৰ কৰে। টিএমপিকেৰ দেৰগাঁও আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত টিএমপিকে, এমএমকে, টিএমএমকেৰ আঞ্চলিক সমিতি সমূহৰ উদ্যোগত জনজাতি ৰাইজৰ সহযোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে ছয় জনগোষ্ঠীক জনজাতি ময্যদাৰ তীব্ৰ বিৰোধিতা কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ