
কলকাতা, ২৫ নৱেম্বৰ (হি.স.)। পশ্চিম বংগত চলি থকা বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) প্ৰক্ৰিয়াৰ পিছত নিৰ্বাচন আয়োগে অনুমান কৰিছে যে ৰাজ্যখনৰ ভোটাৰ তালিকাৰ পৰা ১০ লাখৰো অধিক নাম বাদ পৰিব। এই অনুমান দুটা স্তৰৰ বিষয়াসকলে সংকলন কৰি বিএলঅ’ এপত আপলোড কৰা প্ৰ-পত্ৰসমূহৰ প্ৰাৰম্ভিক মূল্যায়নৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।
মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ সূত্রসমূহে প্রকাশ কৰিছে যে বাদ পৰা নামসমূহৰ ভিতৰত মৃত ভোটাৰ, দ্বৈত প্রৱেশ, স্থায়ীভাৱে অন্য ৰাজ্যলৈ প্রব্রজন কৰা ভোটাৰ, নিৰুদ্দেশ বা অনুপলব্ধ ভোটাৰ আদি থাকিব৷ সূত্ৰসমূহে ইংগিত দিয়ে যে মৃত ভোটাৰৰ শ্ৰেণীত সৰ্বাধিক সংখ্যক ডিলিট হ’ব, প্ৰায় ৬ লাখ ৫০ হাজাৰ।
সূত্ৰসমূহে জনোৱা মতে, প্ৰ-পত্ৰসমূহ সংকলন কৰি বিএলঅ’ এপত আপলোড কৰাৰ প্ৰক্ৰিয়া চলি আছে, গতিকে আয়োগে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰাৰ পিছতহে সঠিক পৰিসংখ্যা স্পষ্ট হ’ব। অহা ৯ ডিচেম্বৰত প্ৰকাশ পাব খচৰা তালিকা।
সোমবাৰে মুখ্য নিৰ্বাচনী বিষয়া মনোজ কুমাৰ আগৰৱালাই এতিয়াও প্ৰ-পত্ৰ জমা নিদিয়া ভোটাৰক আবেদন জনায়। তেওঁ উল্লেখ কৰে যে প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ৪ ডিচেম্বৰ আৰু কোনো কাৰণতে ইয়াক বৃদ্ধি কৰা নহ’ব। নিৰ্ধাৰিত তাৰিখৰ ভিতৰত প্ৰ-পত্ৰ জমা নিদিয়া ভোটাৰক স্বয়ংক্ৰিয়ভাৱে নিৰ্বাচনী তালিকাৰ পৰা আঁতৰাই দিয়া হ’ব।
ইফালে, বিশেষ নিবিড় পুনৰীক্ষণৰ সময়ত ৰাজ্যত এতিয়ালৈকে তিনিজন বিএলঅ’ৰ মৃত্যুৰ বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আগৰৱালাই কয় যে নিজ নিজ জিলা দণ্ডাধীশসকলে যিসকল জিলা নিৰ্বাচনী বিষয়াও, তেওঁলোকে আয়োগক বিতং প্ৰতিবেদন দাখিল কৰিছে। আগৰৱালাই কয় যে বি এল অ’সকল এই সমগ্ৰ পুনৰীক্ষণ অভিযানৰ প্ৰকৃত নায়ক আৰু তেওঁলোকৰ ভূমিকা অতিশয় প্ৰশংসনীয়।
हिन्दुस्थान समाचार / অৰৱিন্দ