কামৰূপৰ বংশৰ বেলৰ তলত ভয়ানক পথ দুৰ্ঘটনা
কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। কামৰূপৰ বংশৰ বেলৰ তলত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। তীব্ৰবেগী চাৰিচকীয়া বাহনে মহটিয়াই নিলে মটৰ চাইকেল সহ কেইবাজনো পথচাৰীক। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৭ জনকৈ লোক। গুৱাহাটী - শুৱালকুছি সংযোগী লোক নিৰ্মাণ বিভাগ
কামৰূপৰ বংশৰ বেলৰ তলত ভয়ানক পথ দুৰ্ঘটনা


কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। কামৰূপৰ বংশৰ বেলৰ তলত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। তীব্ৰবেগী চাৰিচকীয়া বাহনে মহটিয়াই নিলে মটৰ চাইকেল সহ কেইবাজনো পথচাৰীক। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৭ জনকৈ লোক।

গুৱাহাটী - শুৱালকুছি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথত গুৱাহাটী দিশৰ পৰা অহা তীব্ৰবেগী এএছ ০১ বিৱাই ৯৯৫৯ নম্বৰৰ ৱাগনাৰ বাহন খনে বংশৰ বেলৰতলত মূল পথৰ পৰা

নিয়ন্ত্ৰণ হেৰুৱাই পদপথত থকা মটৰ চাইকেল সহ কেইবাজনো পথচাৰীক মহতিয়াই নিয়ে।

ৱাগনাৰ বাহন খনৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় হৰিচৰণ দাস, তিলক দাস, তুনু দাস, সতীশ কলিতা চন্দন তালুকদাৰ, ভগৱান দাস, ৰিংকু কাকতিসহ ৭ জনকৈ পথচাৰী

ইয়াৰে হৰিচৰণ দাস, তিলক দাস, তুনু দাস, সতীশ কলিতাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande