পথাৰত ধান কাটোতেও মায়াবিনী গীত গাই জুবিনক স্মৰণ
পথাৰত আঘোনৰ পকা ধান ৷
পথাৰত ধান কাটোতেও মায়াবিনী গীত গাই জুবিনক স্মৰণ


লক্ষীমপুৰ, ২৫ নৱেম্বৰ (হি.স.): পথাৰত উপচি পৰিছে আঘোনৰ পকা ধান ৷ সোণোৱালী পথাৰত মায়াবিনী গীতেৰে মুখৰিত বিহপুৰীয়াৰ বিভিন্ন পথাৰ ৷ আঘোনৰ পথাৰত এতিয়া দাৱনীৰ কাচিৰ থাৰত পকা ধানৰ গোন্ধ ৷ বিহপুৰীয়াৰ বিভিন্ন খেতি পথাৰত দেখিবলৈ পোৱা গৈছে কৃষক দাৱনীৰ ভীষণ ব্যস্ততা ৷ বছৰটোৰ বাবে ধান মুঠি চপালেই যেন লাভ কৰিব স্বস্তিৰ নিশ্বাস ৷ তথাপিও কৃষক দাৱনীৰ মনত এক অবুজ বেদনা ৷ জুবিনৰ অকাল মৃত্যুৱে এই সকল কৃষক দাৱনীৰ মনত এটা প্ৰশ্নই উদ্বাউল কৰে “ন্যায় পাবনে অসমীয়াৰ হিয়াৰ আমঠু জুবিনে শ“ । সেয়ে ধান কাটোতেও মায়াবিনী গীত গাই মৰমৰ শিল্পী জুবিনক স্মৰণ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande