তিনিচুকীয়াত সংঘটিত ভয়ানক পথ দুৰ্ঘটনাত নিহত ২
তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা ।
তিনিচুকীয়াত সংঘটিত ভয়ানক পথ দুৰ্ঘটনাত নিহত ২


তিনিচুকীয়া, ২৫ নৱেম্বৰ (হি.স.): তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা । এখন এম্বুলেন্স আৰু এখন নৈশ বাছৰ মাজত আজি পু্ৱা সংঘটিত হৈছে দুৰ্ঘটনাটো ৷ এই ঘটনাত দুজন লোক থিতাতে নিহত হয়।

এই দুৰ্ঘটনাটোত এম্বুলেন্সখনত অহা ভালে সংখ্যক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে দুগৰাকী থিতাতে নিহত হয় ৷আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ জৰুৰীকালীন অৱস্থাত চিকিৎসাৰ বাবে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাত পতিত নৈশ বাছখনৰ নম্বৰ এএছ ০১ কেচি ৭৭৯৯ আৰু এম্বুলেন্সখনৰ নম্বৰ এএছ ০১ আৰচি ৫৪৭৩ বুলি জনা গৈছে ৷ দুৰ্ঘটনা সংঘটিত হোৱা এম্বুলেন্সখন পাৱৈ চাহ বাগিছাৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande