নগাঁৱৰ বঢ়মপুৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা
নগাঁৱৰ বঢ়মপুৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।
নগাঁৱৰ বঢ়মপুৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা


নগাঁও, ২৫ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ বঢ়মপুৰত যোৱা কালি সোমবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মটৰ চাইকেলে জিৰণি চৰাত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় পথ দুৰ্ঘটনাটো।

প্ৰাপ্ত তথ্য অনুসৰি এএছ ০২ এ ৮২৮১ নম্বৰৰ এখন মটৰ চাইকেলত আহিছিল এজন আৰোহী।দুৰ্ঘটনাটোত আহত জলাহ গাৱঁৰ লীলাধৰ শ‌ইকীয়াক সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে।ঘটনাস্থলীত নগাঁৱৰ যান-বাহন আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande