মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত পিতৃ কন্যা
মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা।
মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত পিতৃ কন্যা


তিনিচুকীয়া, ২৫ নৱেম্বৰ (হি.স.): মাৰ্ঘেৰিটাত যোৱা কালি সোমবাৰৰ সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বলেৰ পিক'আপ আৰু স্কুটি মাজত মূখামূখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

মাৰ্ঘেৰিটা-পেঙেৰীৰ পথৰ ৰাজখোৱা পথাৰত সংঘটিত হয় দুৰ্ঘটনাটো।দ্ৰুতবেগী এএছ ২৩ ডিচি ০৬৯০ নম্বৰৰ বলেৰ বাহনখনে এখন পঞ্জীয়ন বিহীন টিভিএছ স্কুটি ( TVS waknda Forever)ত প্ৰচণ্ড জোৰে খুণ্ডা মাৰে। গুৰুতৰ ভাৱে আহত স্কুটিৰ চালক আৰু আৰোহী। আহত দুয়োজন সমন্ধত পিতা-পুত্ৰী। গুৰুতৰ ভাৱে আহত দুয়োগৰাকীকে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়।

আনহাতে দুৰ্ঘটনাটোত পথৰ ওপৰতে বাগৰি পৰে বলেৰ পিক'আপখন। জানিব পৰা অনুসৰি বলেৰ চালক গৰাকীৰ গাড়ী চালনা কোনো বৈধ নথি-পত্ৰ নাই। আনহাতে গাড়ীখনে সৰবৰাহ কৰা বালিও বৈধ অনুজ্ঞাপত্ৰ নাই বুলি জানিব পৰা গৈছে।

একাংশ বালি ভৰ্তি সৰু বৰ বাহনৰ চালকে অঞ্চলটোত প্ৰায়ে দৌৰাত্ম্য চলাই আহিছে। একাংশ গাড়ী গৰাকীয়ে কম মজুৰি বিনিময়ত কিশোৰক গাড়ী চলাবলৈ দি অহা কাৰ্যই সচেতন মহলৰ চকু কপালত তুলিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande