গোলাঘাটৰ কছাৰীহাটত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১
গোলাঘাটৰ কছাৰীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
গোলাঘাটৰ কছাৰীহাটত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১


গোলাঘাট, ২৫ নৱেম্বৰ (হি.স.): গোলাঘাটৰ কছাৰীহাটত যোৱা কালি সোমবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দূৰ্ঘটনাত থিতাতে মৃত্যু হয় বিৰাজ শৰ্মা নামৰ এজন লোকৰ ৷ কছাৰীহাটৰ বনগাঁৱৰ পৰা বিয়াৰ কাৰিকৰ হিচাপে এখন স্কুটিত ঘৰলৈ আহি থকা অৱস্থাত এখন তীব্ৰবেগী ডাম্পাৰৰ খুণ্ডাত মৃত্যু হয় লোকজনৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি এএছ ০১ এলচি ২০৬২ নম্বৰৰ ডাম্পাৰ খনে এই দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে যদিও গোলাঘাট আৰক্ষীয়ে জব্দ কৰে ডাম্পাৰখন ৷ উল্লেখ্য যে ধোদৰআলি নিৰ্মান কৰি থকা প্ৰতিষ্ঠানসমূহৰ তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে পূৰ্বেও ৰাইজে জিলা প্ৰশাসনক অভিযোগ দিয়াৰ কথা উল্লেখ কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande