
ধুবুৰী, ২৫ নৱেম্বৰ (হি.স.)। ্যবিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঙালীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা | তীব্ৰবেগী অডি কে ৱাই এল এ কিউ বাহনে খুন্দিয়ালে দুখনকৈ বাইকক | ফলত গুৰুতৰ ভাৱে আহত তিনি বাইক আৰোহী |আহত মাছুদ হাছান(২১) মহিবুল হক(১৮) আৰু ফাৰহাদ আলী (৫০) তিনিওকে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি |
ইয়াৰে মাছুদ হাছানৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে |দুৰ্ঘটনা স্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত |দুৰ্ঘটনা সংঘটিত কৰা অডি বাহন খনৰ নম্বৰ এ এছ ০১ জি এম ৫৮১৩ আৰু বাইক দুখনৰ নম্বৰ এ এছ ১৬ ৯৭৬৩ আৰু এএছ ১৭ কে ২৩৫৮ ,ধুবুৰীত অনুষ্ঠিত শিখ মেলাৰ পৰা গুৱাহাটী অভিমুখী আছিল অডি বাহন খন ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ