গোসাইগাঁৱ সাপট দলঙৰ কাষত দুৰ্গন্ধময় পৰিৱেশ, ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া
গোসাইগাঁৱ সাপট দলংৰ কাষত দুৰ্গন্ধময় পৰিৱেশ,ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া।
গোসাইগাঁৱ সাপট দলঙৰ কাষত দুৰ্গন্ধময় পৰিৱেশ, ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া


কোকৰাঝাৰ, ২৫ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰৰ সাপট দলং খনৰ কাষতে দুৰ্গন্ধময় পৰিৱেশ বিৰাজ কৰিছে । গোসাইগাঁও সদৰ চহৰৰ পেলনীয় আবৰ্জনা সামগ্ৰীয়ে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ সাপট দলং খন কাষত মুকলি স্থানত পেলাই থৈ যায়। দুৰ্গন্ধময় পৰিবেশে প্ৰদূষণ ভয়াৱহভাবে বৃদ্ধি পাইছে।

দলং খনৰ কাষত দুৰ্গন্ধময় পৰিৱেশক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোসাইগাঁও সদৰ চহৰৰ সচেতন ৰাইজে অস্বাস্থ্যকৰ পৰিবেশে বিৰাজ কৰাৰ ফলত গোসাইগাঁও পৌৰসভা তথা বিভাগীয় কৰ্তৃপক্ষক উপযুক্ত ব্যবস্থা গ্ৰহণৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande