গৌৰীপুৰত শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ সফল সামৰণি
গৌৰীপুৰত শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ সফল সামৰণি।
গৌৰীপুৰত শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ সফল সামৰণি


ধুবুৰী, ২৫ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ সফল সামৰণি পৰে। গৌৰীপুৰ নামঘৰৰ উদ্যোগত অনুষ্ঠিত ঐতিহাসিক মহামায়া খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৰাস মহোৎসৱৰ যোৱা কালি সোমবাৰে অন্তিমটো নিশা আছিল ।

কালিৰ এই অন্তিমটো নিশাত হেজাৰ হেজাৰ দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। দিনজোৰা বহু কাৰ্য্যসূচী ৰাখিছে উদযাপন সমিতিয়ে। লগতে ৰাইজে ইমান মৰম দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande