
নতুন দিল্লী, ২৫ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু টেগ বাহাদুৰ জীৰ অতুলনীয় সাহস আৰু পৰম ত্যাগে সমাজৰ পথ সদায় আলোকিত কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্স-পোষ্টত লিখিছে, শ্ৰদ্ধাৰ গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসত তেওঁৰ অতুলনীয় সাহস আৰু ত্যাগৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছো। বিশ্বাস আৰু মানৱতাৰ সুৰক্ষাৰ বাবে তেওঁৰ ত্যাগ আমাৰ সমাজখনক সদায় অনুপ্ৰাণিত কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ