দক্ষিণ চুডানত খাদ্য সাহায্য কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাগ্ৰস্ত,তিনিজনৰ মৃত্যু
জুবা, ২৫ নৱেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় দাতব্য সংস্থা ছামাৰিটানছ পাৰ্ছৰ বাবে খাদ্য সাহায্য কঢ়িয়াই অনা এখন বিমান মঙলবাৰে পুৱা দক্ষিণ চুডানৰ ইউনিটি ষ্টেটত দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিওজন ক্ৰুৰ সদস্যৰ মৃত্যু হয়। এই তথ্য প্ৰদান কৰিছে দক্ষিণ চুডানত সংস্থ
দক্ষিণ চুডানত খাদ্য সাহায্য কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাগ্ৰস্ত,তিনিজনৰ মৃত্যু


জুবা, ২৫ নৱেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় দাতব্য সংস্থা ছামাৰিটানছ পাৰ্ছৰ বাবে খাদ্য সাহায্য কঢ়িয়াই অনা এখন বিমান মঙলবাৰে পুৱা দক্ষিণ চুডানৰ ইউনিটি ষ্টেটত দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিওজন ক্ৰুৰ সদস্যৰ মৃত্যু হয়। এই তথ্য প্ৰদান কৰিছে দক্ষিণ চুডানত সংস্থাটোৰ উপ-সঞ্চালক বিক্ৰম ৰায়ে।

তথ্য অনুসৰি, নাৰী এয়াৰৰ দ্বাৰা পৰিচালিত বিমানখনে ৰাজধানী জুবাৰ পৰা প্ৰায় ২ টন সাহায্য সামগ্ৰী বানাক্ৰান্ত লোকক যোগান ধৰিবলৈ কঢ়িয়াই লৈ ফুৰিছিল। তেল সমৃদ্ধ ইউনিটি ষ্টেটৰ লিৰ কাউন্টিৰ লিৰ বিমানবন্দৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত পুৱা প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

বিক্ৰম ৰায়ৰ মতে, আমাৰ দলটো দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰু আমি গভীৰ দুখেৰে নিশ্চিত কৰিছো যে তিনিওজন ক্ৰু মেম্বাৰ এতিয়া আমাৰ লগত নাই।

এই দুৰ্ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই নাৰী এয়াৰে। বিমানৰ মডেল বা কাৰিকৰী নিৰ্দিষ্টতা সম্পৰ্কে কোনো চৰকাৰী তথ্য উপলব্ধ নহয়।

কোম্পানীটোৰ ৱেবছাইট অনুসৰি দক্ষিণ চুডানত ভিত্তি কৰি নাৰী এয়াৰে কাৰ্গোকে ধৰি বিভিন্ন ধৰণৰ চাৰ্টাৰ্ড বিমান সেৱা আগবঢ়ায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande