
লক্ষীমপুৰ, ২৫ নৱেম্বৰ (হি.স.): ছয় জনগোষ্ঠীৰ জনজাতিৰ কৰণৰ বিৰোধিতাৰে পুনৰ লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাত যোৱা কালি সোমবাৰে সন্ধিয়া জোঁৰ সমদল উলিৱাই মিচিং সংগঠনে। অহা ২৫ নৱেম্বৰ তাৰিখে শীতকালীন বিধান সভা অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতি বিৰোধিতাৰে এই প্ৰতিবাদ ঢকুৱাখনাত এই জোঁৰ সমদল বাহিৰ কৰে টিএমপিকে সংগঠনটোৰ কৰ্মীসকলেয়ে,
হাতে হাতে জোঁৰ লৈ ছয় জনগোষ্ঠীৰ জনজাতিৰকৰণ মানি লোৱা নহ'ব বুলি শ্ল'গান দি সোণিৰি চাপৰি পঞ্চায়তৰ তিনি সংগঠনৰ প্ৰায় কেইবা শতাধিক লোকে পৰিৱেশ উত্তাল কৰি তোলে। ৰাজ্যজুৰি ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত তীব্র আন্দোলন গঢ়ি তোলাৰ মাজতে টিএমপিকে (TMPK) এই আন্দোলনে বিশেষ ভাৱে চৰ্চিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ