
অযোধ্যা, ২৫ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভগৱান শ্ৰীৰামৰ জন্মস্থানত নিৰ্মিত ৰাম মন্দিৰৰ শিখৰত বুটাম টিপি ধ্বজাৰোহণ কৰে। এই সমগ্ৰ ধ্বজাৰোহণৰ সময়ত মন্ত্ৰোচ্ছাৰণেৰে আলোকিত হৈ আছিল । ধ্বজা খন শিখৰত উপনীত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে অভিবাদন জনায়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সৰসংঘচালক ডা° মোহন ভাগৱতে ধ্বজাত পুস্প অৰ্পণ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাম লাল্লাৰ পুজা অৰ্চনা কৰে।
ভগৱান শ্ৰীৰামৰ জন্মস্থানত নিৰ্মিত ৰাম মন্দিৰৰ শিখৰত ধৰ্ম ধ্বজা উত্তোলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে ডা° ভাগৱত, শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টৰ সভাপতি মহন্ত নিত্য গোপাল দাস, ৰাজ্যপাল আনন্দীবেন পেটেল, ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ট্ৰাষ্টৰ কোষাধ্যক্ষ গোবিন্দ দেৱ গিৰি, সাধাৰণ সম্পাদক চম্পট ৰায় বিশেষ ভাৱে উপস্থিত থাকে।
পতাকা উত্তোলনৰ পূৰ্বে ডা° ভাগৱতৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম লাল্লাৰ ওচৰত প্ৰাৰ্থনা কৰে। স্বামী বিশ্বপ্ৰপন্নতীৰ্থ মহাৰাজে ৰাম মন্দিৰত পূজা সম্পন্ন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰথম মহলাত থকা ৰাম দৰবাৰ দৰ্শন কৰিছিল।
ৰাম মন্দিৰৰ ওপৰত উত্তোলন কৰা পতাকাখন দীঘলে পুতলে ১০ ফুট দীঘল। পতাকাখনত উজ্জ্বল সূৰ্য্যৰ চিত্ৰ অংকন কৰা হৈছে। কাঞ্চন গছৰ ছবিৰ লগতে ওম লিপিও অংকন কৰা হৈছে। এই ধৰ্মীয় পতাকাখন পৰম্পৰাগত উত্তৰ ভাৰতীয় নগৰ শৈলীত ডিজাইন কৰা হৈছে।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাম মন্দিৰৰ প্ৰতিমূৰ্তি প্ৰদান কৰি আদৰণি জনায়। মন্দিৰ চৌহদৰ ভিতৰতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত অতিথি আৰু পূজনীয় সন্তসকল উপস্থিত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ