
শ্ৰীভূমি, ২৫ নৱেম্বৰ (হি.স.)। শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত অঘটন। যাত্ৰীবাহী ট্ৰেইনৰ চেপাত মৃত্যু এগৰাকী মুখবধিৰ যুৱকৰ। মৃত্যু হোৱা যুৱক গৰাকীৰ নাম প্ৰীতম ঘোষ। পাথাৰকান্দিৰ সৰস্বতী ঘোষৰ একমাত্ৰ পুত্ৰ সন্তান আছিল প্ৰিতম ঘোষ । প্ৰতিদিনৰ দৰে আজিও কামৰ উদ্দেশ্যৰে ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন। পিছে ৰেল লাইন পাৰ কৰি থকা অৱস্থাত আগৰতলা গুৱাহাটী যাত্ৰীবাহী ট্ৰেইনৰ চেপাত ভৰি কাটি যায় যুৱক জনৰ ।
স্থানীয় ৰাইজৰ তৎপৰতাত আহত অৱস্থাত উদ্ধাৰ কৰি লৈ যোৱা পাথাৰকান্দি প্ৰাথমিক চিকিৎসালয়ত। কিন্তু চিকিতসালয়ত নিহত হয় প্ৰিতম ঘোষ'ৰ ।
প্ৰিতম ঘোষ আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। ঘটনাৰ পিছত ৰেল আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত। ইতিমধ্যে সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কৃষ্ণেন্দু পাল'ক অৱগত কৰা হৈছে।
মন্ত্ৰীৰ নিৰ্দেশত যুৱমৰ্চাৰ সদস্য সকলে মৰনোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা