কামপুৰত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত,আহত এগৰাকী
নগাও, ২৫ নৱেম্বৰ (হি.স.)। কামপুৰৰ সোনোৱালী পথাৰত জাক জাক বন্যহস্তী । বন্যহস্তীৰ সন্ত্ৰাসে নিদ্ৰা হৰিছে ৰাইজৰ ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছে বৃহৎ বন্যহস্তীৰ জাক । উল্লেখযোগ্য যে এই বন্যহস্তীৰ জাকে কেইবাদিন ধৰি অঞ্চলটোত এক সন্ত্ৰা
কামপুৰত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত,আহত এগৰাকী


নগাও, ২৫ নৱেম্বৰ (হি.স.)। কামপুৰৰ সোনোৱালী পথাৰত জাক জাক বন্যহস্তী । বন্যহস্তীৰ সন্ত্ৰাসে নিদ্ৰা হৰিছে ৰাইজৰ ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছে বৃহৎ বন্যহস্তীৰ জাক । উল্লেখযোগ্য যে এই বন্যহস্তীৰ জাকে কেইবাদিন ধৰি অঞ্চলটোত এক সন্ত্ৰাসৰ সৃষ্টি কৰি সোমবাৰে নৈপামত এগৰাকী মহিলা বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাবে আহত অৱস্থাত চিকিৎসাধীন হৈ আছে । প্ৰায় দুশ জনীয়া হাতীৰ জাকে ধান খাই নষ্ট কৰিছে খেতি পথাৰ ৷ কামপুৰ কঠীয়াতলী, তেলিয়াআটি, তেতেলীসৰা, নৈপাম, আৰু বেঙেনাআটিত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পায় ।

গজৰাজৰ আগমনে ৰাইজে কেচা ধানকে কাটি ঘৰলৈ আনিব লগা অৱস্থাৰ সৃষ্টি হৈছে । ৰাইজৰ অনুৰোধ চৰকাৰ আৰু বন বিভাগে অতি সোনকালে এক সু– ব্যৱস্থা কৰি কৃষক ৰাইজক উক্ত সমস্যাৰ পৰা পৰিত্ৰাণ দিব ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande