
কাঠমাণ্ডু, ২৫ নৱেম্বৰ (হি.স.)। নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ ৰাজনৈতিক দল চি পি এন (ইউ এম এল)য়ে উচ্চতম ন্যায়ালয়ত প্ৰতিনিধি সভা পুনৰ বাহালৰ বাবে ৰিট আবেদন দাখিল কৰিছে।
ভংগ হোৱা প্ৰতিনিধি সদনৰ চিপিএন (ইউএমএল)ৰ মুখ্য হুইপ মহেশ বৰতৌলাই প্ৰতিনিধি সদন ভংগ হোৱাটো অসাংবিধানিক বুলি অভিযোগ কৰি পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰা বুলি উল্লেখ কৰে। বৰতৌলাই উল্লেখ কৰে যে ৮-৯ ছেপ্টেম্বৰৰ জেন-জি আন্দোলনৰ পিছত প্ৰধানমন্ত্ৰী তথা চিপিএন (ইউএমএল)ৰ সভাপতি কেপি শৰ্মা অলিয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। পদত্যাগৰ পিছতে আন্দোলনকাৰী গোটৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে ১২ ছেপ্টেম্বৰত সুশীলা কাৰ্কীক অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
তেওঁ উল্লেখ কৰে যে কাৰ্কীৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে প্ৰতিনিধি সদন ভংগ কৰে। তেতিয়াৰ পৰাই চিপিএন-ইউএমএলে এই সিদ্ধান্তক অসাংবিধানিক আখ্যা দি অহৰহ আপত্তি কৰি আহিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ