বকোৰ আলোকজাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক
বকোৰ আলোকজাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
বকোৰ আলোকজাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক


কামৰূপ, ২৫ নৱেম্বৰ (হি.স.): কামৰূপ জিলাৰ বকোৰ আলোকজাৰীত যোৱা কালি সোমবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে। এই অভিযানৰ সময়ত ৫ টা হেৰ'ইন ভৰ্তি কন্টেনাৰ জব্দ কৰা হয়। লগতে ওৱাহেদুৰ ৰহমান নামৰ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয়।

জব্দ কৰা হেৰ'ইন খিনিৰ ওজন ৭ গ্ৰাম বুলি কোৱা হৈছে। গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত বকো আৰক্ষীয়ে এই অভিযান চলাইছিল। জানিব পৰা মতে ধৃত ওৱাহেদুৰ ৰহমানৰ ঘৰ বকোৰ আলোকজাৰীত। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande