
শিৱসাগৰ, ২৫ নৱেম্বৰ (হি.স.)। পুনৰ মুকলি কৰা হ'ল নাজিৰাৰ শিমলুগুৰি “জেউতি” বোলছবি গৃহ। চাৰি গৰাকী শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি “মায়াবিনী ৰাতি” শীৰ্ষক গীত পৰিৱেশনেৰে প্ৰদৰ্শন হ’ল ৰৈ ৰৈ বিনালে বোলছবিৰ দৰ্শনী৷ বোলছবি গৃহত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গলৈয়ো সংৰক্ষণ কৰিলে এখন আসন৷
শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ আশা, সপোন, ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সন্মান জনাই সোমবাৰৰ পৰা শিমলুগুৰিৰ “জেউতি”বোলছবিগৃহ কৰ্তৃপক্ষই অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰ খন বোলছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে ৷
শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ,শিল্পী চৈয়দ চাদুল্লা, বাঁহী বাদক দীপক শৰ্মা আৰু বলিউদৰ অভিনেতা ধৰ্মেন্দ্ৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ “মায়াবিনী ৰাতি” শীৰ্ষক গীত পৰিৱেশনেৰে জুবিন গাৰ্গৰ শেষৰ খন বোলছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে ৷ সোমবাৰৰ পৰা ৰাইজে ছবি খন চাব পৰাকৈ বহুদিন বন্ধ হৈ থকা শিমলুগুৰিৰ “জেউতি” বোলছবি গৃহটি দৰ্শনৰ উপযোগী কৰা বোলছবি গৃহটিত দেখিবলৈ পোৱা গ’ল শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক লৈ এখন বিশেষ আসন ৷
১৯৬৯চনতে শিমলুগুৰি নগৰৰ মাজমজিয়াত “মণিৰাম দেৱান”বোলছবিৰে প্ৰাণ পাই উঠা শিমলুগুৰিৰ “জেউতি” বোলছবি গৃহ কভিডকালীন পৰিস্থিতিৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাৰ পিছত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ শেষৰ খন বোলছবি “ৰৈ ৰৈ বিনালে”এ পুনৰ প্ৰাণ দিলে শিমলুগুৰিৰ “জেউতি”বোলছবি গৃহক ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা