
যোৰহাট, ২৫ নৱেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিৰ ভেলাগুৰি চাহ বাগিচাত নাহৰফুটুকী এটা পিঞ্জৰাবদ্ধ কৰা হৈছে। মৰঙ্গিয়াল খণ্ড বন বিষয়া কায্যলয় অন্তৰ্গত ভেলাগুৰি চাহ বাগিচাৰ ১১ নং চেকচনত বন বিভাগে পতা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী৷
প্ৰাপ্ত তথ্য অনুসৰি যোৱা কালি সোমবাৰে সন্ধিয়া বাগানৰ পৰা ঘৰলৈ অহা শ্ৰমিকে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো দেখা পায় বন বিভাগক খৱৰ দিয়ে। ইয়াৰ পাছত মৰিয়নি বনাঞ্চলিক বিষয়া কায্যলয় বন কৰ্মীৰ লোক উপস্থিত হয় আৰু নাহৰফুটুকীটো গিৱন অভাৰণ্যলৈ লৈ যায়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ