লামডিঙত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিশাল পদযাত্ৰাৰ আয়োজন
হোজাই, ২৫ নৱেম্বৰ (হি.স.)। লামডিঙত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিশাল পদযাত্ৰাৰ আয়োজন। ভাৰতবৰ্ষৰ লৌহ মানৱ শ্ৰদ্ধাৰ চৰ্দাৰ বল্লভ ভাই পেটেল ডাঙৰীয়াৰ ১৫০ তম্ জন্ম জয়ন্তী উপলক্ষে হোজাই জিলা প্ৰশাসন আৰু ক্রীড়া ও যুৱ
লামডিঙত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিশাল পদযাত্ৰাৰ আয়োজন


হোজাই, ২৫ নৱেম্বৰ (হি.স.)। লামডিঙত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিশাল পদযাত্ৰাৰ আয়োজন।

ভাৰতবৰ্ষৰ লৌহ মানৱ শ্ৰদ্ধাৰ চৰ্দাৰ বল্লভ ভাই পেটেল ডাঙৰীয়াৰ ১৫০ তম্ জন্ম জয়ন্তী উপলক্ষে হোজাই জিলা প্ৰশাসন আৰু ক্রীড়া ও যুৱ কল্যাণ বিভাগ হোজাইৰ সহযোগত মঙ্গলবাৰে দিনৰ ১১.০০ বজাৰ পৰা লামডিঙ চহৰস্থিত শ্বহীদ ময়দানত বিভিন্ন কাৰ্যসূচীৰে এক ভাৰত আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক পদযাত্ৰাৰ আয়োজন কৰা হৈছে।উক্ত পদযাত্ৰা শ্বহীদ ময়দানৰ পৰা আৰম্ভ হৈ লামডিং বজাৰ হৈ শ্বহীদ ময়দানত অন্ত পৰে।আৰম্ভণিতে লামডিঙ সম জিলা আয়ুক্ত আৰু লংকা লামডিং দুয়োখন পৌৰসভাৰ সভানেত্ৰীয়ে বৃক্ষৰোপনেৰে কাৰ্যসূচীৰ আৰম্ভনি কৰে।এক বিশাল ৰাইজৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু আৰক্ষী যোবান উপস্থিত থাকে।এই পদ যাত্ৰাত অংশ গ্ৰহণ কৰে লামডিঙ সম জিলাৰ আয়ুক্ত চন্দন বৰগোহাঁই,কাৰ্য্যবাহী দণ্ডাধীশ মুকিবুল আলি,চিডিএছপি প্লাবি নাথ,লামডিঙ আৰু লংকাৰ দুয়োখন পৌৰসভাৰ সভানেত্ৰী আৰু বিভিন্ন দল সংগঠন।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande