ৰাজ্যজুৰি চৰকাৰ বিৰোধী সংগ্ৰাম তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ
ওদালগুৰি, ২৫ নৱেম্বৰ (হি.স.)। ২৭ নৱেম্বৰত অসম বিধান সভাত ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দাখিল কৰিবলগীয়া প্ৰতিবেদন মনপুত নহ’লেই কোচ ৰাজবংশী জনগোষ্ঠীৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ৱ লাগিব বিজেপি চৰকাৰ ৷ ৰাজ্যজুৰি চৰকাৰ বিৰোধী সংগ্ৰাম তীব্ৰ
ৰাজ্যজুৰি চৰকাৰ বিৰোধী সংগ্ৰাম তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ


ওদালগুৰি, ২৫ নৱেম্বৰ (হি.স.)। ২৭ নৱেম্বৰত অসম বিধান সভাত ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দাখিল কৰিবলগীয়া প্ৰতিবেদন মনপুত নহ’লেই কোচ ৰাজবংশী জনগোষ্ঠীৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ৱ লাগিব বিজেপি চৰকাৰ ৷ ৰাজ্যজুৰি চৰকাৰ বিৰোধী সংগ্ৰাম তীব্ৰতৰ কৰি তোলা হ’ব - এই হুংকাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ৷

টংলাৰ চিলাৰায় ভৱনত এক সংবাদমেল সম্বোধন কৰি কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰণাদিত্য বৰ্মণে জনজাতিকৰণৰ সকলো অৰ্হতা থকাৰ পাছতো কোচ ৰাজবংশী সকলৰ জনজাতিকৰণত চৰকাৰে বাৰম্বাৰ হোহ্‌কা পিছলা কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে। কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বাধাৰ সৃষ্টি কৰা জনজাতি সংগঠন সমূহকো সকীয়াই দি সংবাদমেলত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে চৰকাৰক ২৭ নৱেম্বৰ ডেডলাইন বান্ধি দিছে। বিধান সভা অধিবেশনত দাখিল কৰিবলগীয়া প্ৰতিবেদন কোচ ৰাজবংশীৰ অনুকুল নহ’লেই আন্দোলনত জপিয়াই পৰিব সংগঠনটো। ৭ ডিচেম্বৰত ওদালগুৰিৰ টংলা আৰু ২১ ডিচেম্বৰত নগাঁৱৰ কলিয়াবৰত জনজাতিকৰণৰ দাৱীত গণ সমাৱেশ অনুস্থিত কৰাৰ কথা সংবাদমেলত ঘোষণা কৰে কোচ ৰাজবংশী সন্মিলনীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande