কাজিৰঙাৰ বগৰীজুৰিত পথ দুৰ্ঘটনাত এজন নিহত
কাজিৰঙা, ২৫ নৱেম্বৰ (হি.স.)। কাজিৰঙাৰ বগৰীজুৰিত পথ দুৰ্ঘটনাত এজন নিহত ৷ পেচাত কাঠ মিস্ত্ৰি নিহত বসন্ত ঢেকীয়াল ফুকন নামৰ লোক জন কৰ্তব্য সামৰি চাইকেলেৰে বগৰীজুৰিৰ নিজৰ ঘৰ সোমাব খোজোতেই বোকাখাত দিশৰ পৰা আহি থকা এখন ছুপাৰে খুন্দা মাৰে ৷ দুৰ্ঘটনাটো গ
কাজিৰঙাৰ বগৰীজুৰিত পথ দুৰ্ঘটনাত এজন নিহত


কাজিৰঙা, ২৫ নৱেম্বৰ (হি.স.)। কাজিৰঙাৰ বগৰীজুৰিত পথ দুৰ্ঘটনাত এজন নিহত ৷ পেচাত কাঠ মিস্ত্ৰি নিহত বসন্ত ঢেকীয়াল ফুকন নামৰ লোক জন কৰ্তব্য সামৰি চাইকেলেৰে বগৰীজুৰিৰ নিজৰ ঘৰ সোমাব খোজোতেই বোকাখাত দিশৰ পৰা আহি থকা এখন ছুপাৰে খুন্দা মাৰে ৷

দুৰ্ঘটনাটো গুৰুতৰ ভাৱে আহত লোক জনক পৰিয়ালৰ লোকে কহঁৰা আদৰ্শ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষনা কৰে ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰা এ আৰ ১১ চি ৯৯০০ নম্বৰৰ ছুপাৰ খন আৰক্ষীয়ে জব্দ কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande