
জয়পুৰ, ২৫ নৱেম্বৰ (হি.স.)। খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ (কেআইইউজি) ৰাজস্থান ২০২৫ৰ মহিলাৰ ব্যক্তিগত টাইম ট্ৰাইলত গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ চাইকেল আৰোহী মীনাক্ষী ৰোহিল্লাই প্ৰথমটো স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে অলিম্পিয়ান শ্ৰীহৰি নটৰাজৰ নেতৃত্বত প্ৰাক্তন চেম্পিয়ন জৈন বিশ্ববিদ্যালয়ে সাঁতোৰত ৮টা স্বৰ্ণ পদক লাভ কৰি প্ৰথম দিনাই পদকৰ সংখ্যাত কমাণ্ডিং অগ্ৰগতি লাভ কৰে।
সমগ্ৰ ৰাজস্থানৰ সাতখন চহৰত অনুষ্ঠিত হৈ থকা পঞ্চম কে আই ইউ জিত ২৩টা শাখাৰ ২২২খন বিশ্ববিদ্যালয়ৰ ৪৪৪৮গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ, ৰাজস্থান চৰকাৰ, ৰাজ্যিক ক্ৰীড়া পৰিষদ, আৰু আয়োজক পূৰ্ণিমা বিশ্ববিদ্যালয়ৰ উদ্যোগত এই খেলসমূহৰ আয়োজন কৰা হৈছে।
জৈন বিশ্ববিদ্যালয়ে সাঁতোৰত আধিপত্য বিস্তাৰ
প্ৰথম দিনটোত মুঠ ২৫টা স্বৰ্ণ পদকৰ খেল আছিল, য’ত জৈন বিশ্ববিদ্যালয়ে সাঁতোৰত ১১টা স্বৰ্ণ পদকৰ ভিতৰত ৮টা স্বৰ্ণ পদক লাভ কৰিছিল। লগতে দলটোৱে দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰে। শ্বুটিং আৰু ভাৰোত্তোলনত দুটাকৈ সোণৰ পদক লাভ কৰি লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি (এল পি ইউ)য়ে দ্বিতীয় স্থান লাভ কৰে।
অলিম্পিয়ান শ্ৰীহৰি নটৰাজে পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰ’ক, ৫০ মিটাৰ ফ্ৰীষ্টাইল, আৰু ৪x২০০ মিটাৰ ফ্ৰীষ্টাইল ৰিলেত তিনিটা স্বৰ্ণ পদক লাভ কৰে। জৈন বিশ্ববিদ্যালয়ৰ আন স্বৰ্ণ পদক বিজয়ীসকলৰ ভিতৰত আছিল ভৱ্য সচদেৱ, শোণ গাংগুলী, মণিকান্ত এল, নীনা ভেংকটেশ আৰু মহিলাৰ ৪x২০০ মিটাৰ ৰিলে দল।
প্ৰথম সোণ – মীনাক্ষীৰ চাইকেলিং কৃতিত্ব
প্ৰথমবাৰৰ বাবে কে আই ইউ জিত অন্তৰ্ভুক্ত হোৱা চাইকেলিং ইভেণ্টত মীনাক্ষী ৰোহিলাই ৩০ কিলোমিটাৰ ব্যক্তিগত টাইম ট্ৰাইলত ০০:৪৫:৩১.৯০৭ সময়েৰে সোণৰ পদক লাভ কৰে। ২০২২ চনৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী মীনাক্ষীয়ে কয় যে মোৰ কৌশল আছিল দৌৰৰ দ্বিতীয়াৰ্ধত গতি নিয়ন্ত্ৰণ আৰু গতি বৃদ্ধি কৰা আৰু ই কাম কৰিলে।
এম জি এছ ইউৰ পূজা বিষ্ণৌই ৰূপৰ পদক, আৰু এছ পি পি ইউৰ অপূৰ্ব গোৰে ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ ৪০ কিলোমিটাৰ টাইম ট্ৰাইলত স্বৰ্ণ পদক লাভ কৰে এম জি এছ ইউৰ মানৱ সাৰদাই।
অন্যান্য পৰিঘটনাৰ ফলাফল
ফেন্সিং: মহিলাৰ ইপে আৰু ছেবাৰত জিএনডিইউয়ে সোণৰ পদক লাভ কৰে; গুৰু কাশী বিশ্ববিদ্যালয়ৰ কে অভিনাছে পুৰুষৰ ফয়েলত সোণৰ পদক লাভ কৰে।
শ্বুটিংঃ ১০ মিটাৰ এয়াৰ ৰাইফলত ২৫৩.২ স্ক’ৰেৰে সোণৰ পদক লাভ কৰে এল পি ইউৰ সাক্ষী পাডেকাৰে; দলীয় ইভেণ্টতো এল পি ইউয়ে জয়লাভ কৰে।
ভাৰোত্তোলনঃ শিৱাজী বিশ্ববিদ্যালয়ৰ কাজোল সৰগাৰ (৪৮ কেজি), এল পি ইউৰ গোলোম টিংকু (৬১ কেজি) আৰু এল পি ইউৰ বৰ্ণালী বৰা (৫৩ কেজি) সোণৰ পদক লাভ কৰে।
জুডো, ফুটবল, হকী আদি অনুষ্ঠানতো অসংখ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু বিভিন্ন বিশ্ববিদ্যালয়ৰ খেলুৱৈয়ে পদক লাভ কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ