সোণাপুৰ আৰক্ষীৰ চুৰি চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান, ধৃত ৩
সোণাপুৰ আৰক্ষীৰ চুৰি চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান।
সোণাপুৰ আৰক্ষীৰ চুৰি চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান।


সোণাপুৰ আৰক্ষীৰ চুৰি চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান।


কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। সোণাপুৰ আৰক্ষীয়ে চুৰি চক্ৰৰ বিৰুদ্ধে চলায় বৃহৎ অভিযান। এই অভিযানৰ সময়ত আৰক্ষীৰ জালত পৰে ৩টাকৈ গভাইত চোৰ।

উল্লেখ্য যে তোলে এয়াৰটেল টাৱাৰৰ মূল্যবান আৰআৰঅ' ডিভাইছ (RRO Device) চুৰি কৰি চলাইছিল সন্ত্ৰাস।

সোণাপুৰৰ বৰখাটৰ এটি টাৱাৰৰ পৰা এই ডিভাইছ চুৰি হোৱাৰ পিছতেই সোণাপুৰ আৰক্ষী থানাত ১০ নৱেম্বৰত এয়াৰটেল কৰ্তৃপক্ষ‌ই দাখিল কৰিছিল এক এজাহাৰ।

এই অভিযোগৰ ভিত্তিত তদন্ত চলাই সোণাপুৰ আৰক্ষীয়ে তিনি চোৰক গ্ৰেপ্তাৰ কৰে। লগতে জব্দ কৰে ভাৰ্ণা আৰু চুইফট ডিজায়াৰ দুখন বাহন আৰু উদ্ধাৰ কৰে চুৰি সামগ্ৰী। ধৃত চোৰ কেইটা হ'ল ক্ৰমে বৰপেটাৰ ইদুল আলী আৰু আছাদুল আলী তথা তামুলপুৰৰ মকতুল হুছেইন।

জব্দকৃত বাহন দুখনৰ নম্বৰ এএছ আৰচি ৭৬৭৮ আৰু এমএল ০৫ এডি ২২৯৪ বুলি জনা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande