দেৰগাঁৱত সাধাৰণ জাতি কল্যাণ পৰিষদৰ ৰাজহুৱা সভা
দেৰগাঁৱত সাধাৰণ জাতি কল্যাণ পৰিষদ, অসমৰ ৰাজহুৱা সভা ।
দেৰগাঁৱত সাধাৰণ জাতি কল্যাণ পৰিষদৰ ৰাজহুৱা সভা


গোলাঘাট, ২৫ নৱেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত সাধাৰণ জাতি কল্যাণ পৰিষদ, অসমৰ ৰাজহুৱা সভা এখন অনুষ্ঠিত হয়।শ্ৰীশ্ৰীহৰ গৌৰী বুঢ়ীগোসাঁনী দেৱালয়ত যোৱা কালি সোমবাৰে বিয়লি অনুষ্ঠিত হয় সভা খন।

সাধাৰণ জাতি কল্যাণ পৰিষদৰ সভাখনত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে দেৰগাঁৱৰ ৰাইজ। লগতে গঠন কৰা হয় সাধাৰণ জাতি কল্যাণ পৰিষদৰ দেৰগাঁও সমজিলা সমিতি খন । সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংৰক্ষণৰ ক্ষেত্ৰত থকা বেমেজালি দূৰ কৰাৰ লক্ষ্য লৈছে সমিতি খনে । ইফালে ডিচেম্বৰ মাহত দেৰগাঁৱত অধিৱেশন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে সমিতিয়ে । লগতে সাধাৰণ শ্ৰেণীৰ লোক সকলক বিশেষ মৰ্যাদাৰে সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়াৰ সিদ্ধান্ত লৈ সমিতিয়ে এলানি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande