
আইজল, ২৫ নৱেম্বৰ (হি.স.)।মিজোৰামত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰা হৈছে। এই সন্দৰ্ভত এজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। জব্দ কৰা বিদেশী চিগাৰেট খিনিৰ মূল্য ৭.৫ কোটি টকা হ'ব বুলি কোৱা হৈছে।
মিজোৰামত বুজন পৰিমাণৰ বিদেশী চিগাৰেট সহ এজন ম্যানমাৰৰ নাগৰিক গ্ৰেপ্তাৰ কৰিছে বিএছ এফ আৰু ডাইৰেক্টৰেট অফ ৰেভিনু ইন্টালিজেঞ্চ সংক্ষেপে ডিআৰআয়ে। মিজোৰামৰ লুংলে জিলাৰ চান্দমাৰীৰ চোৰাং ব্যৱসায়ীৰ এটা গোডামত যুটীয়া অভিযান চলাই বিএছএফ আৰু ডিআৰআয়ে জব্দ কৰিছে বিভিন্ন ব্ৰেণ্ডৰ ৩৭৫ কাৰ্টুন বিদেশী চিগাৰেট। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতলৈ সৰবৰাহৰ কৰা এই চিগাৰেট খিনিৰ বজাৰ মূল্য প্ৰায় ৭.৫ কোটি টকা বুলি সদৰী কৰিছে বিএছএফে। চিগাৰেটৰ সৈতে এজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰা হয়।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা