শিৱসাগৰ চহৰত পাঁচ গৰাকীকৈ যুৱতীৰ উদ্ভণ্ডালি
শিৱসাগৰ চহৰত ভয়াবহ উত্তপ্ত পৰিস্থিতি।
শিৱসাগৰ চহৰত পাঁচ গৰাকীকৈ যুৱতীৰ উদ্ভণ্ডালি


শিৱসাগৰ, ২৫ নৱেম্বৰ (হি.স.): শিৱসাগৰ চহৰত যোৱা কালি সোমবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাঁচ গৰাকীকৈ উদণ্ড যুৱতীয়ে চহৰৰ মাজমজিয়াত সৃষ্টি কৰিলে লংকা কাণ্ড।

প্ৰাপ্ত তথ্য অনুসৰি পাঁচ গৰাকীকৈ পাৰ্লাৰত কৰ্মৰত যুৱতীৰ উদ্ভণ্ডালিক লৈ এই পৰিস্থিতিৰ সৃষ্টি হয়। পাঁচ গৰাকীকৈ উদণ্ড যুৱতীৰ আক্ৰমণত আহত হয় উপানন্দ হাজৰিকা নামৰ এজন ব্যৱসায়ী। চহৰৰ মাজমজিয়াত নিশা সৃষ্টি হয় এই ভয়ংকৰ পৰিস্থিতি।

জানিব পৰা হস্পিতেল ৰোডৰ ষ্টাইল বজাৰৰ সন্মুখত পাঁচ গৰাকীকৈ যুৱতীয়ে এজন যুৱকক প্ৰহাৰ কৰি আছিল। উপানন্দ হাজৰিকাই যুৱকজনক উদ্ধাৰৰ লগতে দুয়োপক্ষৰ মাজত মীমাংসাৰ বাবে চেষ্টা চলাওতেই সৃষ্টি হয় এই পৰিস্থিতিৰ। যুৱতী কেইগৰাকীয়ে নিৰীহ যুৱক উপানন্দ হাজৰিকাক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ লগতে সৰ্বশৰীৰ কামুৰি ক্ষত-বিক্ষত কৰে। এই ঘটনাৰ পিছতেই সহস্ৰাধিক লোকে ঘটনাস্থলীত যুৱতী কেইগৰাকীক গ্ৰেপ্তাৰৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আন নালাগে এই সংঘাত ৰোধৰ বাবে চেষ্টা চলোৱা বহু কেইগৰাকীৰ মবাইলো যুৱতী কেইগৰাকীয়ে ভাঙি চূৰ্ণ বিচুৰ্ণ কৰে। ঘটনাৰ পিছতেই উপস্থিত হোৱা সদৰ আৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা তিনি গৰাকীকৈ যুৱতীক আটক কৰিবলৈ সক্ষম হয়।

ইফালে ঘটনাৰ সম্পৰ্কত আহত উপানন্দ হাজৰিকাই সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে আহত উপানন্দক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande