
শ্রীভূমি, ২৫ নৱেম্বৰ (হি.স.)। শ্রীভূমি সুপ্রাকান্দিত ভয়ংকৰ পথ দুর্ঘটনা। দ্রুতগতিত অহা ট্রাকৰ খুন্দাত গুৰুতৰ ভাবে আহত ৫ গৰাকী বিদ্য়ালয়ৰ ছাত্ৰ –ছাত্রী। ঘটনাটো সংঘটিত কৰি পলায়নৰ চেষ্টা ট্ৰাক চালকৰ । স্থানীয় ৰাইজে কৰায়ত্ব কৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ লগতে চালক জনক ।
ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় নিলামবাজাৰ আৰক্ষী । দুৰ্ঘটনা সংঘটিত কৰা ট্রাক খনৰ নম্বৰ হল এএছ ০১এলচি ০৫৩২
গুৰুতৰ ভাবে আহত সকলৰ মাজত তিনি জন লৰা আৰু দুজনী ছোৱালী। আহত সকল ক্ৰমে সজ্ঞয় নমসুদ্র,প্রীয়া শুক্লবৈদ্য,সৌৰভ নমসুদ্র,
সম্ৰাট ৰয়,জলি নমসুদ্র। আটাইকেইজন ছাত্ৰ ছাত্ৰীক ইতিমধ্যে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা