
কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। ৰঙিয়াৰ কেকেনিকুছিত অগ্নিকাণ্ড ।জ্বলি ছাই হ'ল এটা পৰিয়ালৰ ৰান্ধনী ঘৰ ।চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড ।কেকেনিকুছিৰ মুকুল হক নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ঘটনা ।
যাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত । অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে যদিও সম্পূৰ্ণ ৰূপে জ্বলি ভষ্মিভূত হয় ৰান্ধনী ঘৰটো ।ফ্ৰিজ,পানীৰ মটৰকে ধৰি আন আন বহু সা -সামগ্ৰী জাহ যায় জুইত ।অৱশ্যে এই অগ্নিকাণ্ড কোনো লোক সৌভাগ্যক্ৰমে হতাহতি হোৱাৰ পৰা ৰক্ষা পৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ