
নতুন দিল্লী, ২৫ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি ভৱনত মঙলবাৰে অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লেবানন, মৰিচাছ, চেনেগাল, চৌদি আৰব আৰু ঘানাৰ কূটনীতিবিদসকলৰ পৰিচয় পত্ৰ গ্ৰহণ কৰে।
ৰাষ্ট্ৰপতিগৰাকীক পৰিচয় পত্ৰ প্ৰদান কৰা কূটনীতিবিদসকলৰ ভিতৰত আছে লেবাননৰ ৰাষ্ট্ৰদূত হাদি জাবেৰ, মৰিচাছৰ উচ্চায়ুক্ত শৈলাবাই বাপ্পু, চেনেগালৰ ৰাষ্ট্ৰদূত আব্দুলে বেৰ’, চৌদি আৰৱৰ ৰাষ্ট্ৰদূত হাইথাম হাছান আল-মালকি, ঘানাৰ ৰাষ্ট্ৰদূত অধ্যাপক কোৱাছি ওবিৰি-ডান্সো।
অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতিয়ে নৱনিযুক্ত কূটনীতিবিদসকলক আদৰণি জনোৱাৰ লগতে ভাৰতৰ সৈতে তেওঁলোকৰ দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ আশা প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ