
গুৱাহাটী, ২৫ নৱেম্বৰ (হি.স.)। আক চুপাৰলাইট ব্লক ইনডাষ্ট্ৰী আৰু পূৰ্বাঞ্চল চিমেণ্ট উচ্ছেদৰ দাবী। দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ অন্তৰ্গত সোণাপুৰৰ সৰুতাৰীত দুয়োটা উদ্যোগ নীতি-বহিৰ্ভূত ভাৱে চলাই থকাৰ অভিযোগ। সোণাপুৰত অনুষ্ঠিত ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা সমিতিৰ সংবাদমেল। জৰীপ নোহোৱা ট্ৰাইবেল বেল্টৰ চৰকাৰী ভূমিত স্থাপন হোৱা উদ্যোগ দুটাৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰা হৈছিল অভিযোগ।
এই সন্দৰ্ভত বিধানসভাৰ এটা দলে চৰজমিন তদন্ত কৰি সমগ্ৰ বিষয়টো সত্য বুলি দাবী কৰাৰ পিছতো ৰহস্যজনক কাৰণত প্ৰশাসনে উচ্ছেদ কৰা নাই বুলি গুৰুতৰ অভিযোগ সংগঠনটোৰ। শীঘ্ৰেই দুয়োটা উদ্যোগ উচ্ছেদৰ দাবীত কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ দিলে স্মাৰকপত্ৰ। উল্লেখ্য যে জুবিন ক্ষেত্ৰৰ কাষত থকা কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত শিলপোতা স্থান সংৰক্ষণ কৰাৰো আহ্বান সংগঠনটোৰ।
আনহাতে কচুতলীৰ আধৰুৱা উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰাৰ দাবী সংগঠনটোৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar