ইতিহাসৰ পৃষ্ঠাত ২৬ নৱেম্বৰত : ২০০৮ চনৰ ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণ
২০০৮ চনৰ ২৬ নৱেম্বৰৰ সন্ধিয়া ভাৰতত এনে এক ভয়ানক দৃশ্য দেখা গ’ল যিটো আজিও কোনো ভাৰতীয়ই পাহৰিব পৰা নাই। পাকিস্তানৰ কৰাচীৰ পৰা নাৱেৰে অহা দহজন জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে নীৰৱে মুম্বাই উপকূলত প্ৰৱেশ কৰি কেইঘণ্টামানৰ ভিতৰতে সমগ্ৰ বিশ্বক জোকাৰি যোৱ
ইতিহাসৰ পৃষ্ঠাত ২৬ নৱেম্বৰত : ২০০৮ চনৰ ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণ


২০০৮ চনৰ ২৬ নৱেম্বৰৰ সন্ধিয়া ভাৰতত এনে এক ভয়ানক দৃশ্য দেখা গ’ল যিটো আজিও কোনো ভাৰতীয়ই পাহৰিব পৰা নাই। পাকিস্তানৰ কৰাচীৰ পৰা নাৱেৰে অহা দহজন জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে নীৰৱে মুম্বাই উপকূলত প্ৰৱেশ কৰি কেইঘণ্টামানৰ ভিতৰতে সমগ্ৰ বিশ্বক জোকাৰি যোৱা আক্ৰমণ চলায়। বোমা বিস্ফোৰণ আৰু নিৰ্বিচাৰে গুলীচালনাৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণে পৰৱৰ্তী তিনিদিনলৈ মুম্বাইক আতংকৰ মাজত ডুবাই পেলায়।

প্ৰথম আৰু আটাইতকৈ ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয় ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ মূল হলত, য’ত দুজন সন্ত্ৰাসবাদীয়ে ১৫ মিনিট ধৰি এ কে ৪৭ বন্দুকেৰে গুলীচালনা কৰি ৫২ জন লোকক হত্যা কৰাৰ লগতে ১০০ৰো অধিক লোক আহত কৰে। ইয়াৰ পিছতে সন্ত্ৰাসবাদীয়ে মুম্বাইৰ তিনিটা প্ৰধান হোটেল ক্ৰমে তাজ পেলেচ হোটেল, অৱেৰয় ট্ৰাইডেন্ট হোটেল আৰু নাৰিমন হাউচত লক্ষ্য কৰি দেশী আৰু বিদেশী অতিথি উভয়কে পণবন্দী কৰি বহুতক হত্যা কৰা। আনকি দক্ষিণ মুম্বাইৰ বিখ্যাত লিওপোল্ড কেফেতো তেওঁলোকৰ বন্দুকৰ গুলীৰ পৰা ৰক্ষা পোৱা নাছিল।

এই সময়ছোৱাত ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে—এন এছ জি কমাণ্ডো, মাৰ্কোছ আৰু মুম্বাই আৰক্ষীয়ে—অদম্য সাহস প্ৰদৰ্শন কৰি সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয়। ঘণ্টাৰ পিছত ঘণ্টা ধৰি তীব্ৰ বন্দুকৰ যুঁজৰ অন্তত ২৯ নৱেম্বৰৰ পুৱালৈকে ৯টা সন্ত্ৰাসবাদীক ধৰাশায়ী কৰা হৈছিল আৰু আজমল কাছাব একমাত্ৰ সন্ত্ৰাসবাদী জীৱিত অৱস্থাত বন্দী হৈছিল।

তিনিদিনীয়া এই অভিযানে মুম্বাইক মুক্ত কৰিলে, কিন্তু ইয়াৰ মূল্য বহুত ভৰিবলগা হৈছিল। এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত ১৬০ জনতকৈ অধিক নিৰীহ লোকৰ মৃত্যু হয় আৰু ৩০০ৰো অধিক লোক আহত হয়। এইটো ভাৰতৰ ইতিহাসৰ আটাইতকৈ পীড়াজনক আৰু ভয়ংকৰ নগৰীয়া সন্ত্ৰাসবাদী আক্ৰমণ আৰু এতিয়াও ২৬/১১ৰ স্মৃতিৰ ৰোমান্ঠন কৰে।

গুৰুত্বপূৰ্ণ পৰিঘটনা০

১৮৬৫—লুইচ কেৰলৰ এলিচ ইন ৱণ্ডাৰলেণ্ড নামৰ গ্ৰন্থখন আমেৰিকাত প্ৰকাশ পায়।

১৮৮৫ - প্ৰথমবাৰৰ বাবে উল্কাপিণ্ডৰ ফটো তোলা হয়।

১৯৩২ - কিংবদন্তি ক্ৰিকেটাৰ ডন ব্ৰেডমেনে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১০,০০০ ৰান সংগ্ৰহ কৰে।

১৯৪৮ - নেচনেল কেডেট কৰ্পছ প্ৰতিষ্ঠা হয়।

১৯৪৯ - স্বাধীন ভাৰতৰ সংবিধানত সংবিধান সভাৰ সভাপতিয়ে স্বাক্ষৰ কৰে।

১৯৬০ - ভাৰতত প্ৰথমবাৰৰ বাবে কানপুৰ আৰু লক্ষ্ণৌৰ মাজত এছটিডি সেৱা আৰম্ভ হয়।

১৯৬৭ - লিছবনত ডাৱৰ বিস্ফোৰণত প্ৰায় ৪৫০ জন লোকৰ মৃত্যু হয়।

১৯৮৪ - ইৰাক আৰু আমেৰিকাই পুনৰ কূটনৈতিক সম্পৰ্ক স্থাপন কৰে।

১৯৯৬ - মাৰ্কিন মহাকাশ সংস্থা নাছাই মংগল গ্ৰহত জীৱৰ সম্ভাৱনাৰ সন্ধান কৰিবলৈ মহাকাশযান মাৰ্চ গ্ল'বেল চাৰ্ভেয়ৰ মহাকাশলৈ প্ৰেৰণ কৰে।

১৯৯৭ - পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশে মুখ্য ন্যায়াধীশক নিলম্বন কৰে।

১৯৯৮ - তুৰ্কীৰ প্ৰধানমন্ত্ৰী মেছুট য়িলমাজে সংসদত তেওঁৰ চৰকাৰে আস্থা ভোট লাভ কৰাত ব্যৰ্থ হোৱাৰ বাবে পদত্যাগ কৰে। ১৯৯৮ - কম্বোডিয়াৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী হুন চেনক আনুষ্ঠানিকভাৱে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিযুক্তি দিয়া হয়।

১৯৯৮ - ছিচেলছৰ মাহেত ইজৰাইলী লিনাৰ আবাৰগিলক ১৯৯৮ চনৰ মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধোৱা হয়।

১৯৯৮ - টনি ব্লেয়াৰে আইৰিছ সংসদত ভাষণ দিয়া প্ৰথমজন ব্ৰিটিছ প্ৰধানমন্ত্ৰী হয়।

২০০১ - নেপালত ২০০ মাওবাদী বিদ্ৰোহী নিহত হয়; দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

২০০২ - বিবিচিৰ সমীক্ষাত উইন্সটন চাৰ্চিলক সৰ্বশ্ৰেষ্ঠ ব্ৰিটিছ নাগৰিক হিচাপে ভোট দিয়া হয়।

২০০৬ - ইৰাকত সংঘটিত বোমা বিস্ফোৰণত ২০২ জন লোকৰ মৃত্যু হয়।

২০০৮ - ভাৰতৰ মুম্বাইত আত্মঘাতী সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। সন্ত্ৰাসবাদীয়ে তাজ হোটেলত প্ৰৱেশ কৰি কেইবাজনো অতিথিক পণবন্দী কৰে। তিনিদিনীয়া অভিযানৰ অন্তত ভাৰতীয় সেনাই মুকলি কৰে হোটেলখন। মুম্বাইত এই সন্ত্ৰাসবাদী আক্ৰমণত ১৬৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫০ জনতকৈ অধিক লোক আহত হয়।

২০১২ - ছিৰিয়াত বিমান আক্ৰমণত দহটা শিশু নিহত, ১৫ জন আহত।

২০১২ চনৰ আজিৰ দিনটোতে অৰবিন্দ কেজৰিৱালে আম আদমী পাৰ্টি নামৰ নতুন ৰাজনৈতিক দল গঠন কৰে।

জন্ম০

১৮৮১ - আজিৰ দিনটোতে নাথুৰাম প্ৰেমী - বিখ্যাত সাহিত্যিক, কবি, ভাষাবিদ, সম্পাদক।

১৯১৭ - বীৰেণ মিত্ৰ - ভাৰতীয় ৰাজনীতিবিদ তথা উৰিষ্যাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

১৯১৯ - ৰাম শৰণ শৰ্মা - বিখ্যাত ভাৰতীয় ইতিহাসবিদ আৰু শিক্ষাবিদ।

১৯২১ - ভাৰ্গেজ কুৰিয়েন - বিখ্যাত উদ্যোগপতি আৰু শ্বেত বিপ্লৱৰ পিতৃ।

১৯২৩ - ভি কে মূৰ্তি - হিন্দী চলচ্চিত্ৰৰ বিখ্যাত চিনেমাটোগ্ৰাফাৰ।

১৯২৬ - যশপাল (বিজ্ঞানী) - বিখ্যাত ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ।

১৯২৬ - ৰবি ৰায় - বিখ্যাত ৰাজনীতিবিদ, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ।

১৯৪৪ - বিনোদ কুমাৰ ডুগল - ভাৰতৰ মণিপুৰ আৰু মিজোৰাম ৰাজ্যৰ ৰাজ্যপাল।

১৯৫২ - মুনাওৱাৰ ৰাণা - ভাৰতীয় উৰ্দু কবি। তেখেতে ২০১৪ চনত শাহাদাবা কবিতাটোৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

মৃত্যু০

২০০৮ - হেমন্ত কৰকৰে - ১৯৮২ বেচৰ আই পি এছ বিষয়া আৰু মুম্বাইৰ সন্ত্ৰাসবাদ বিৰোধী দলৰ মুৰব্বী।

২০০৮ - বিজয় চালাস্কাৰ - মুম্বাই আৰক্ষীৰ সৈতে সেৱা আগবঢ়োৱা এজন জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক আৰু এনকাউণ্টাৰ বিশেষজ্ঞ।

২০১৪ - তপন ৰায় চৌধুৰী - প্ৰখ্যাত ইতিহাসবিদ।

গুৰুত্বপূৰ্ণ দিন০

-বিশ্ব পৰিৱেশ দিৱস।

-আইন দিৱস।

-ৰাষ্ট্ৰীয় সংবিধান দিৱস।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande