
শিৱসাগৰ, ২৫ নৱেম্বৰ (হি.স.)। শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ আশা,সপোন,ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সন্মান জনাই সোমবাৰ সন্ধিয়াৰ পৰা শিমলুগুৰিৰ “জেউতি”বোলছবি গৃহত কৰ্তৃপক্ষই অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন বোলছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে৷ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ,শিল্পী চৈয়দ চাদুল্লা,বাঁহী বাদক দীপক শৰ্মা আৰু বলিউদৰ অভিনেতা ধৰ্মেন্দ্ৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ “মায়াবিনী ৰাতি”শীৰ্ষক গীত পৰিৱেশনেৰে জুবিন গাৰ্গৰ অন্তিম খন বোলছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে৷
সোমবাৰৰ পৰা ৰাইজে ছৱি খন চাব পৰাকৈ বহুদিন বন্ধ হৈ থকা শিমলুগুৰিৰ “জেউতি”বোলছবি গৃহটো দৰ্শনৰ উপযোগী কৰা বোলছবি গৃহটোত দেখিবলৈ পোৱা গ’ল শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক লৈ এখন বিশেষ আসন৷ ১৯৬৯চনতে শিমলুগুৰি নগৰৰ মাজমজিয়াত “মণিৰাম দেৱান”বোলছবিৰে প্ৰাণ পাই উঠা শিমলুগুৰিৰ “জেউতি”বোলছৱি গৃহটো কভিডকালীন পৰিস্থিতিৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাৰ পিছত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন বোলছবি “ৰৈ ৰৈ বিনালে”এ পুনৰ প্ৰাণ দিলে শিমলুগুৰিৰ “জেউতি”বোলছবি গৃহক৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ