
নতুন দিল্লী, ২৫ নৱেম্বৰ (হি.স.)। চীনে উল্লেখ কৰিছে যে ভাৰতৰ সৈতে থকা সীমান্তৰ পৰিস্থিতি যোৱা কিছু বছৰত “সাধাৰণতে সুস্থিৰ” হৈ আছে, আৰু দুয়োখন দেশে কূটনৈতিক আৰু সামৰিক মাধ্যমেৰে অহৰহ যোগাযোগ কৰি আছে। আমি বিশ্বাস কৰোঁ যে সীমা বিবাদ সকলো দ্বিপাক্ষিক সম্পৰ্কৰ ভিত্তি হ’ব নালাগে।’
ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে মঙলবাৰে চীনৰ ১৫ সংখ্যক পঞ্চবাৰ্ষিক পৰিকল্পনা: উন্নয়নৰ বাবে নতুন ব্লুপ্ৰিণ্ট আৰু ভাৰত-চীন সহযোগিতাৰ বাবে নতুন সুযোগ বিষয়ক আলোচনা চক্ৰত ভাষণ দিয়ে। এই অনুষ্ঠানত চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে সাংবাদিকসকলৰ প্ৰশ্নৰো উত্তৰ দিয়ে।
ৰাষ্ট্ৰদূত জুৱে কয় যে আগষ্ট মাহত দুয়োখন দেশৰ বিশেষ প্ৰতিনিধিৰ মাজত সীমান্ত প্ৰশ্নৰ ওপৰত ২৪ সংখ্যক আলোচনা অনুষ্ঠিত হৈছিল, য’ত দহটা বিষয়ত সহমতত উপনীত হৈছিল। তেওঁৰ মতে, সীমান্তৰ সমস্যাটো অত্যন্ত জটিল আৰু ইয়াৰ সমাধানৰ বাবে সময় লাগিব, কিন্তু সীমান্ত অঞ্চলত শান্তি বজাই ৰাখিবলৈ আৰু ন্যায্য আৰু গ্ৰহণযোগ্য সমাধান বিচাৰি উলিয়াবলৈ দুয়োখন সভ্যতাৰ পৰ্যাপ্ত বুজাবুজি আৰু সামৰ্থ্য আছে।
ৰাষ্ট্ৰদূত জুৱে উল্লেখ কৰে যে যোৱা কেইমাহমানত সম্পৰ্কৰ উন্নতিৰ গতি ত্বৰান্বিত হৈছে। তেওঁ ইংগিত দিয়ে যে সুস্থিৰ সীমা ব্যৱস্থাপনাই অধিক সহযোগিতাৰ ভিত্তি হ’ব। দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি, কৈলাশ-মানসৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ, পৰ্যটন ভিছা প্ৰদান, প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ হোৱা আদি ইয়াৰ মূল উদাহৰণ। মানুহৰ মাজত যোগাযোগ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ৰাজনৈতিক দল, যুৱক-যুৱতী, গৱেষণা প্ৰতিষ্ঠান, আৰু সংবাদ মাধ্যমৰ মাজত আদান-প্ৰদানক পুনৰ সজীৱ কৰি তোলাৰ প্ৰয়োজন।
हिन्दुस्थान समाचार / অৰৱিন্দ